Tuesday, March 10, 2026
Homeৰাষ্ট্ৰীয়ৰাজধানী দিল্লীৰ পৰা উৎখাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰ

ৰাজধানী দিল্লীৰ পৰা উৎখাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰ

ডিজিটেল ডেস্ক ANEWS4X7: দেশৰ ৰাজধানী দিল্লীৰ পৰা উৎখাত কৰা হৈছে এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰ ৷

দিল্লী আৰক্ষীৰ এটা বিশেষ কোষে অভিযান চলাই দুজন আফগান লোকৰ পৰা জব্দ কৰে ৩১২.৫ কিলোগ্ৰাম মেথাস্ফেটামিন আৰু ১০ কিলোগ্ৰাম হেৰোইন ৷ জব্দকৃত নিচা জাতীয় সামগ্ৰী খিনিৰ বজাৰ মূল্য প্ৰায় ১২০০ কোটি টকা ৷

এচিপি ললিত মোহন নেগী আৰু হৃদয় ভূষণৰ নেতৃত্বত অভিযান চলোৱা দিল্লী আৰক্ষীৰ বিশেষ গোটে নতুন দিল্লীৰ কালিন্দী কুঞ্জ মেট্ৰ’ ষ্টেচনৰ ওচৰৰ মিঠাপুৰ ৰোডৰ পৰা মুস্তাফা আৰু ৰাহমুল্লা নামৰ দুজন আফগান নাগৰিকক আটক কৰিছিল ৷

প্ৰথম অৱস্থাত আৰক্ষীয়ে দুইজন ব্যক্তিৰ পৰা কম পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল যদিও আৰক্ষীৰ তদন্তত পিছলৈ এই বৃহৎ পৰিমাণৰ ড্ৰগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি এই ড্ৰাগছখিনি প্ৰথমে চেন্নাই তাৰ পিছত লক্ষ্ণৌ আৰু পৰৱৰ্তী সময়ত দিল্লীলৈ সৰবৰাহ কৰা হৈছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments