Thursday, March 12, 2026
Homeৰাষ্ট্ৰীয়অচিৰেই হ্ৰাস পাব পেট্ৰ'লৰ দাম

অচিৰেই হ্ৰাস পাব পেট্ৰ’লৰ দাম

ডিজিটেল ডেস্ক, ANEWS24X7: দেশবাসীৰ বাবে এটা ভাল খবৰ । কিয়নো অচিৰেই হ্ৰাস পাব পেট্ৰ’লৰ দাম । ৰাজস্থানৰ প্ৰতাপগড়ত এক ৰাজহুৱা ভাষণত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে প্ৰতি লিটাৰত ১৫ টকা ব্যয়েৰে পেট্ৰ’ল উপলব্ধ কৰিব পাৰি। গড়ে ৬০ শতাংশ ইথানল আৰু ৪০ শতাংশ বিদ্যুৎ মিহলি কৰি পেট্ৰ’ল পোৱা যাব।

গাডকাৰীয়ে উল্লেখ কৰে এই পদ্ধতিৰ ফলত প্ৰদূষণ হ্ৰাস হ’ব, আমদানি হ্ৰাস হ’ব আৰু কৃষকৰ পৰিয়াললৈ ধন পুনঃনিৰ্দেশিত হ’ব। ইপিনে গাডকাৰীয়ে কৃষকসকলক “অন্নদাতা” আৰু “উৰ্জাদাতা” লৈ ৰূপান্তৰ কৰাৰ চৰকাৰৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাজস্থানৰ প্ৰতাপগড়ত ১১ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে আৰু ৫,৬০০ কোটি সম্মিলিত মূল্যৰ সৈতে নিৰ্মাণৰ কাম আৰম্ভ কৰে। ইয়াৰ ভিতৰত ২১৯ কিলোমিটাৰ অতিক্ৰম কৰা চাৰিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতেৱ ৩,৭৭৫ কোটি ব্যয় কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments