Saturday, July 5, 2025
Homeআন্তজাৰ্তিকনেপালত নিৰুদ্দেশ হোৱা মানং হেলিকপ্টাৰ দুৰ্ঘটনা, উদ্ধাৰ ৫টা মৃতদেহ

নেপালত নিৰুদ্দেশ হোৱা মানং হেলিকপ্টাৰ দুৰ্ঘটনা, উদ্ধাৰ ৫টা মৃতদেহ

ডিজিটেল ডেস্ক, anews24x7: নেপালৰ মাউণ্ট এভাৰেষ্ট অঞ্চলৰ সমীপত মঙলবাৰে নিৰুদ্দেশ হোৱা পাঁচজন মেক্সিকান নাগৰিককে ধৰি ছয়জন লোকৰ সৈতে এখন ব্যক্তিগত বাণিজ্যিক হেলিকপ্টাৰ দেশখনৰ পূব অঞ্চলৰ পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।  সোলুখুম্বু জিলাৰ সুৰকে বিমানবন্দৰৰ পৰা পুৱা ১০:০৪ বজাত কাঠমাণ্ডু অভিমুখে উৰা মানাং এয়াৰ এন এ-এম ভি চপাৰখনে আৰু ১০:১৩ বজাত ১২ হাজাৰ ফুটৰ ওপৰৰ উচ্চতাত হঠাতে যোগাযোগ হেৰুৱাই পেলায়। .

দুৰ্ঘটনাস্থলীৰ পৰা ৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

দুৰ্গম পাহাৰীয়া সোলুখুম্বু জিলাৰ লিখুপিকে গ্ৰাম্য পৌৰসভাৰ লামজুৰা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। টি আই এৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, উদ্ধাৰ অভিযান চলি থকাৰ বাবে এতিয়াও বিতং প্ৰতিবেদন অহা নাই।

আৰক্ষীৰ মতে, হেলিকপ্টাৰখনে লামজুৰা পাছত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩৫০০ মিটাৰ উচ্চতাত এই দুৰ্ঘটনা সংঘটিত হয়। হেলিকপ্টাৰখনত আছিল পাঁচজন মেক্সিকান নাগৰিক আৰু পাইলট চেট বি গুৰুং।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments