Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়বন্দুক লৈ বিদ্যালয়ত প্ৰৱেশ দুষ্কৃতিকাৰীৰ

বন্দুক লৈ বিদ্যালয়ত প্ৰৱেশ দুষ্কৃতিকাৰীৰ

ডিজিটেল ডেস্ক, anews24x7:  আমেৰিকাৰ এখন বিদ্যালয়ত বন্দুক লৈ বিদ্যালয়ত প্ৰৱেশ দুষ্কৃতিকাৰীৰ। সোমবাৰে আমেৰিকাৰ টেনেচিৰ মেম্ফিছৰ ইহুদী বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল এজন অপৰাধীয়ে। ভিতৰলৈ যাব নোৱাৰি দুস্কৃতিকাৰীয়ে স্কুলৰ গেটৰ বাহিৰত থিয় হৈ গুলীচালনা কৰে। ঘটনাস্থলীৰ পৰা পলায়ন কৰি থকা অৱস্থাত স্থানীয় আৰক্ষীয়ে তেওঁক আটক কৰে। আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত হয় অপৰাধীজন। সম্প্ৰতি  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

সোমবাৰে অপৰাধীজনক বিদ্যালয়ৰ সন্মুখত থিয় হৈ থকা দেখা গৈছিল। বিদ্যালয়ত প্ৰৱেশৰ বাবে হাজাৰ হাজাৰ চেষ্টা কৰিও তেওঁ ব্যৰ্থ হয়। ইয়াৰ পিছত তেওঁ স্কুল গেটৰ বাহিৰৰ পৰা অবিৰতভাৱে গুলীচালনা কৰিবলৈ ধৰিলে। বিদ্যালয়খনৰ কোনো ছাত্ৰ-ছাত্ৰী বা শিক্ষক আহত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। গুলীচালনাৰ পিছত ধৰা পৰিব বুলি আশংকাত তেওঁ ট্ৰাকত উঠি সেই স্থানৰ পৰা পলাবলৈও চেষ্টা কৰে।

আৰক্ষীয়ে ট্ৰাকখন পোৱাৰ লগে লগে অপৰাধীজনে বন্দুক লৈ ট্ৰাকৰ পৰা নামি আহে। আৰক্ষীৰ গুলীত আহত হয়। লগে লগে তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ একেখন চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, চাৰি মাহ পূৰ্বে নেশ্বভিলৰ এখন বিদ্যালয়ত এজন অপৰাধীয়ে আক্ৰমণ কৰাটো এইটো প্ৰথম নহয়। গুলীচালনাৰ ফলত ৯ জন লোকৰ মৃত্যুও হয়, ইয়াৰে তিনিজনৰ বয়স ৯ বছৰীয়া বুলি কোৱা হৈছে। বাৰে বাৰে সংঘটিত হোৱা ঘটনাৰ বাবে চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত কঠোৰ নিৰাপত্তাৰ কথা চিন্তা কৰিছে প্ৰশাসনে। টেনেচিৰ বন্দুক আইনক লৈও প্ৰশ্ন উত্থাপন হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments