Sunday, July 6, 2025
Homeসাংস্কৃতিকআজি ষষ্ঠী, ৰাজ্যৰ চৌপাশে দুৰ্গোৎসৱৰ উছাহ

আজি ষষ্ঠী, ৰাজ্যৰ চৌপাশে দুৰ্গোৎসৱৰ উছাহ

ডিজিটেল ডেস্ক, ৯অক্টোবৰ: অৱশেষত আহি পালে দুৰ্গা পূজা। আজি মহাষষ্ঠী। ৯ অক্টোবৰ, ২০২৪ ৰ দিনা বলবৰণেৰে দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰো বহু অঞ্চলত পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।  আটক ধুনীয়াকৈ মণ্ডপ সমূহ সজাই তোলাৰ লগতে ভক্তগনো সাজু হৈছে মা দুৰ্গাৰ আৰধনা কৰিবলৈ।  বেদীত প্ৰতিষ্ঠা কৰাৰ পাছতেই আগন্তুক দিনকেইটা  দেৱীক পূজা কৰি দশমীত বিসৰ্জন দিয়া হ’ব।

আজি পুৱা ৯ বাজি ৫২ মিনিটৰ পৰা আৰম্ভ হ’ব ষষ্ঠীৰ শুভ মূহুৰ্ত আৰু সন্ধিয়া ৪ বজালৈ আছে এই সময়। এই সময়তে হ’ব দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস। এইবাৰ মা দুৰ্গাই দোলাত আগমণ কৰাৰ লগতে গমন কৰিব ঘোঁৰাত।

জনবিশ্বাস অনুসৰি গনেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী- পৰিয়ালৰ সৈতে মা দুৰ্গা ধৰালৈ আহে। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আদি পূজাৰ বেদীত স্থাপন কৰা হ’ব দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ- অলংকাৰেৰে সজাই তোৱা হ’ব মা দুৰ্গাক আৰু লগে লগে আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ।

নিয়ম অনুসৰি ষষ্ঠী পূজাৰ দিনা দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস সম্পূৰ্ণ কৰাৰ পাছত এটা প্ৰতীকি ৰূপত দেৱীক সজাই এডাল কলগছনত বিল্ববোধন কৰা হয়। তাৰ পাছত দেৱীৰ নৱপত্ৰিতা প্ৰৱেশ আৰু স্থাপন কৰাৰ পাছত সপ্তমী বিহিত পূজা আৰম্ভ কৰা হ’ব। ইতিমধ্যে ৰাজ্যত সম্পূৰ্ণ হৈছে দুৰ্গা পূজাৰ প্ৰস্তুতি। হাজাৰ হাজাৰ পূজা মণ্ডপ সজাই তোলা হৈছে।  ভক্তসকল সাজু হৈছে মা দুৰ্গাক আদৰিবলৈ। এইকেইটা দিন সম্পূৰ্ণ নীতি নিয়মেৰে পালন কৰা হ’ব দুৰ্গা পূজা।

দুৰ্গা দেৱী দশভুজা। দশ হস্তে দব পাত শাণিত অস্ত্ৰ, সিংহৰ পিঠিত বহি তেওঁ মহিষাসুৰক নিধন কৰিবলৈ উদ্যতা। তেওঁৰ সোঁফালে থাকে ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গনেশ, বাওঁফালে থাকে বিদ্যাৰ অধিষ্ঠাত্ৰী দেবী সৰ্বশুক্লা সৰস্বতী আৰু বীৰ্যৱান দেৱতাসকলৰ সেনাপতি কাৰ্তিক।

দুৰ্গা পূজা প্ৰতি বছৰে আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত দেৱীৰ বোধন কাৰ্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস সম্পূৰ্ণ কৰে। সপ্তমী, অষ্টমী আৰু নৱমীত ভক্তসকলে পুৰোহিতৰ পৰিচালনাত ষোড়শোপচাৰে দেৱী পূজা কৰে। অষ্টমী আৰু নৱমীৰ দিনা অনুষ্ঠিত হোৱা পূজাক সন্ধি পূজা বোলা হয়। ইয়াৰ পাছতেই দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰে দেৱীক বিসৰ্জন দিয়া হয়। পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ- ধূনা আৰু হোমৰ গোন্ধই , ডবা, কাঁহ, শংখ, ঘন্টাৰ শব্দই মানুহৰ মনত স্বৰ্গীয় পবিত্ৰতা সানি দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments