মিলন কাকতি, মৰিগাঁও: পলমকৈ হ’লেও অৱশেষত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰন্য ৷ ৰঙা ফিতা কাটি অভয়াৰণ্যখন মুকলি কৰিলে পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷
বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে মুকলি হ’ল পবিতৰা অভয়াৰণ্য । এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰন্যৰ ফিতা কাটি মুকলি কৰিলে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে দেশী-বিদেশী পৰ্যটকৰ বাবে এই বৰ্ষত ২০ খন জীপ চাফাৰী আৰু ১৩ টাকৈ বিভাগীয় হাতী চাফাৰী সাজু কৰি তোলা হৈছে যদিও, জীপ আৰু হাতী চাফাৰীৰ বাবে উপযুক্ত নহয় পবিতৰাৰ পথ আৰু পৰিৱেশ ৷
সেয়ে এক নাটকীয় ৰূপত পবিতৰা অভয়াৰণ্যখন মুকলি কৰাক লৈ বিভ্ৰান্তিত জীপ চাফাৰী সন্থাই উজাৰিলে ক্ষোভ ৷ আনহাতে অভয়াৰণ্য কৰ্তৃপক্ষৰ ব্যৰ্থতা ঢাকিবলৈ অভয়াৰন্যখনত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এইক্ষেত্ৰত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও ব্যক্ত কৰে প্ৰতিক্ৰিয়া ৷ উল্লেখ্য সম্প্ৰতি ১০৭ টা গঁড়, পাঁচ শতাধিক বনৰীয়া মহ, সহস্ৰাধিক বন গাহৰিৰ উপৰিও প্ৰায় ৩৮৫ টা প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰে ৷ বিগত বৰ্ষ সমূহতকৈ বহু পলমকৈ পৰ্যটকৰ বাবে মুকলি কৰা পবিতৰা অভয়াৰণ্য মুকলি অনুষ্ঠানত মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ, বন বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া, জিলা প্ৰশাসনৰ লোকসকল আৰু স্থানীয় লোকসকল উপস্থিত থাকে ৷