Thursday, March 12, 2026
Homeঅসমডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰিত হৈছে ডুমডুমা নগৰ খেলপথাৰ

ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰিত হৈছে ডুমডুমা নগৰ খেলপথাৰ

সমীৰণ বৰা, তিনিচুকীয়া:  তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰখনত বৰ্তমান অৰাজকতাই বিৰাজ কৰা দেখা গৈছে। দূৰ্গা পূজা শেষ হোৱা ছদিনৰ পিছতো ডুমডুমাৰ একমাত্ৰ খেলপথাৰ খন আৱৰ্জনামুক্ত কৰিবলৈ আহৰি নাই ডুমডুমা পৌৰসভাৰ।

বিভিন্ন দিশত ডুমডুমা নগৰখনক পৰিস্কাৰ পৰিচ্চন্নতা আৰু সৌন্দৰ্য্য কৰাৰ কথা কোৱা ডুমডুমা পৌৰসভাৰ প্ৰকৃত স্বৰূপ উদঙাইছে খুদ বিজেপি দলৰ শাসনাধিষ্ট পৌৰসভাখনেই। কেৱল ২অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা হাতত ঝাড়ু লৈ ফটো তুলি সামাজিক মাধ্যম উপচাই পেলাই স্বচ্ছ ভাৰত অভিযানক ধোঁৱা চাঙত তোলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ডুমডুমাৰ স্থানীয় দল সংগঠনৰ নেতৃত্বই।

দুৰ্গন্ধময় আৰু জাবৰৰ মাজতেই কন কন শিশু সকলে খেলিবলগীয়া হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন মহলে। সদা ব্যস্ত খেলপথাৰ খনত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় যদিও, পৌৰসভা আৰু দূৰ্গা পূজা পতা সমিতিখনেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ আঁৰত কি কাৰণ আছে বুলি প্ৰশ্ন অসম জাতীয়তাবাদী যুৱ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ। সমান্তৰালকৈ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাইও নগৰ খেলপথাৰখনৰ পুতৌ লগা তথা সূচনীয় পৰিবেশটো প্ৰত্যক্ষ কৰি পৌৰসভাৰ কৰ্মকাণ্ডক লজ্জাজনক বুলি অভিহিত কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments