গোৱালপাৰা জিলা কৃষি বিভাগে অন্যান্য বৰ্ষৰ দৰে এইবাৰো গ্ৰামাঞ্চললৈ গৈ কাতি বিহু উদযাপন কৰে। কৃষি বিভাগৰ উদ্যোগত ১৩ নং গোৱালপাৰা পশ্চিম (জনজাতি) সমষ্টিৰ কিশোৰীডুবি গাৱত স্থানীয় খেতিয়ক সকলক লৈ কাতি বিহু উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী ।
কাতি বিহু উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত জিলা আয়ুক্তয়ে কৃষক সকলক চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । কৃষি ভিত্তিক ৰাজ্য হিচাপে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে বুলি উল্লেখ কৰি জিলা আয়ুক্তয়ে কৃষক সকলক অধিক উদপাদনত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । চৰকাৰৰ শস্য ক্ৰয় কৰা আঁচনিৰে এইবাৰ ১ নৱেম্বৰ ২০২৪ তাৰিখৰ পৰা গোৱালপাৰা জিলাতো স্থাপন কৰা ৬ টা শস্য ক্ৰয় কেন্দ্ৰত প্ৰতি কুইন্টল ধানত ২৩০০/- টকা মূল্যত ধান ক্ৰয় কৰা হব । সেয়ে কৃষক সকলক এই সুবিধা গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ জিলা আয়ুক্ত মহোদয়ে আহ্বান জনায় ।
আজি আয়োজন কৰা অনুষ্ঠানতে স্থানীয় খেতিয়কৰ মাজত উদ্যান শস্যৰ সা-সজুলি, নহৰুৰ বীজ, মটৰ মাহৰ বীজ আৰু চইল হেলথ্ কাৰ্ড বিতৰণ কৰা হয় । সন্ধিয়া জিলা আয়ুক্তয়ে কাতি বিহুৰ পৰম্পৰা অনুসৰি কিশোৰীডুবি গাৱৰ পথাৰত আকাশ বন্তি আৰু চাকি জ্বলাই জিলাখনৰ কৃষক সকলৰ মংগল কামনা কৰে । ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্যা সুচিত্ৰা নাথ, সদ্য স্থাপিত গোৱালপাৰা পশ্চিম সমজিলাৰ সহকাৰী আয়ুক্ত শিখামণি বৰা, গোৱালপাৰা কৃষি বিভাগৰ বিষয়াসকল আৰু স্থানীয় কৃষক ৰাইজে কাতি বিহুৰ পৰম্পৰা অনুসৰি মাটিৰ চাকিৰ পৰিবৰ্তে পথাৰত ঔৰ চাকি জ্বলায় । গোৱালপাৰা কৃষি বিভাগে আয়োজন কৰা কাতি বিহুৰ আটাইবোৰ কাৰ্যসূচীতে ৰাইজে উৎসাহ উদ্দীপনাৰে অংশগ্ৰহণ কৰে
