Friday, November 8, 2024
Homeসাংস্কৃতিকআজি ষট পূজা ,জানক এই পূজাৰ বিশেষত্ব

আজি ষট পূজা ,জানক এই পূজাৰ বিশেষত্ব

আজি ষট পূজা। দেশজুৰি পালন কৰা হৈছে ষট পূজা।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো ষট পূজাৰ বিশেষ আয়োজন ।ষট পূজা সূৰ্য দেৱতা আৰু ষঠী মাতাৰ নামত উৎসৰ্গিত।ষট পূজাৰ তৃতীয় দিনা অৰ্থাৎ শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট পূজা কৰা হয়। এই দিনটোত সন্ধিয়া পুখুৰী বা নদীত থিয় হৈ সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰা হয়।ষট পূজা হৈছে এক বিশেষ উৎসৱ যি প্ৰকৃতিৰ প্ৰতি বিশ্বাস, শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ প্ৰতীক। এই উৎসৱটো মুখ্যতঃ বিহাৰ, ঝাৰখণ্ড আৰু পূৱ উত্তৰ প্ৰদেশত ধুমধানেৰে উদযাপন কৰা হয়।

ষট পূজাৰ বিশেষত্ব:

পৌৰাণিক কথা অনুসৰি সন্ধিয়া সূৰ্য পত্নী প্ৰত্যুষাৰ লগত থাকে।সেয়ে ষট পূজাৰ সন্ধিয়া সূৰ্যৰ অন্তিম কিৰণ প্ৰত্যুষাক অৰ্ঘ দিয়া হয়। জ্যোতিষীসকলৰ মতে সূৰ্যক অৰ্ঘ আগবঢ়ালে বহু বিপদৰ পৰা মুক্ত হব পাৰি।

এই পূজা চাৰিদিনীয়া আৰু ৩৬ ঘন্টা নিৰ্জলা ব্ৰত পালন কৰে মহিলাসকলে। আজি ষট পূজাৰ তৃতীয় দিন। পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে ৰাইজে ষট পূজাত অংশগ্ৰহণ কৰে। ষট উৎসৱত অস্ত আৰু উদয় সূৰ্য্য দুয়োটাকে পূজা কৰা হয়, যাৰ বাবে এই উৎসৱটো অতি বিশেষ। এই উৎসৱত ষঠী মাইয়া পূজাৰ পৰম্পৰা আছে।

ধৰ্মীয় গ্ৰন্থৰ পৌৰাণিক কাহিনী অনুসৰি মহাভাৰত কালত মাতৃ কুন্তীৰ পুত্ৰ দনবীৰ কৰ্ণই সূৰ্য দেৱতাক পানী আগবঢ়াইছিল। মাতৃ কুন্তীৰ উপৰিও কৰ্ণক সূৰ্য দেৱতাৰ পুত্ৰ বুলিও গণ্য কৰা হয়। দানবীৰ কৰ্ণৰ ওপৰত সূৰ্যৰ বিশেষ আশীৰ্বাদ আছিল। কোৱা হয় যে কৰ্ণই প্ৰতিদিনে পুৱা সাৰ পাই ঘণ্টাৰ পিছত ঘণ্টা পানীত থিয় হৈ সূৰ্য দেৱতাক অৰ্ঘ আগবঢ়াইছিল। সূৰ্যৰ কৃপাত কৰ্ণ মহাযোদ্ধা হৈ পৰিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments