অভিশপ্ত ড্ৰীমলাইনাৰ। সকলো পূৰ্বৰ দৰেই আছিল। সময়মতে বিমানখন উৰণৰ বাবে সাজু হৈছিল। বিমানখনত থকা এয়াৰ হোষ্টেছ মণিপুৰৰ নাংথই শৰ্মা যাত্ৰীসকল উঠাৰ পূৰ্বে ভিডিঅ’ কৰিছিল নিজৰ ম’বাইল।
মুহূৰ্ততে শেষ হৈ গ’ল ২৬৫গৰাকী লোকৰ জীৱন, উৰণ পূৰ্বে কি ঘটিছিল অভিশপ্ত বিমানখনত? উদ্ধাৰ অভিশপ্ত বিমানখনৰ Black Box!
দুপৰীয়া ১ বাজি ৩৮ বজাৰ লগে লগে আহমদাবাদৰ বিমান বন্দৰৰ পৰা উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট-১৭১। কিন্তু উৰণৰ কিছু সময় পিছতে যান্ত্ৰিক বিজুতিয়ে দেখা দিছিল বিমানখনত। উৰাৰ পিছতো খোলা অৱস্থাত আছিল চকা, ভালদৰে মেল খোৱা নাছিল ‘উইংছ’। লগে লগে পাইলটে ‘মে ডে কল’ কৰি এ টি চিৰ পৰা সহায় বিচাৰিছিল।
বিমানখন উৰা মৰা মাত্ৰ ৫ মিনিট হৈছিল। লগে লগে হুৱাদুৱা লাগিল বিমানখনৰ ভিতৰত। ATCৰ পৰা সহায় বিচাৰিছিল যদিও পাইলটে নাপালে সঁহাৰি। যান্ত্ৰিক বিজুতিৰ বাবে লাহে লাহে ভাৰসাম্য হেৰুৱাইছিল বিমানখনে। ৫ মিনিট পিছতে বিমান বন্দৰৰ কাষতে থকা বি জে মেডিকেল কলেজৰ ছাত্ৰাৱাসত খুন্দা মাৰি প্ৰচণ্ড শব্দ হোৱাৰ পিছত জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে। বি জে মেডিকেল কলেজৰ ছাত্ৰাৱাসত পৰিল বিমানখন। সেই সময়ত মেডিকেল কলেজখনৰ হোষ্টেলত আহাৰ গ্ৰহণ কৰি আছিল ছাত্ৰসকলে।
পোহৰলৈ আহিছে বিমান দুৰ্ঘটনাৰ CCTV ভিজুৱেল। ৰাণৱেৰ পৰা উৰা মৰাৰ পিছতে কাৰিকৰী বিজুতি ঘটি দুৰ্ঘটনাত পতিত বিমানখন। ১৭ ছেকেণ্ডৰ ভিডিঅ’ত বিমান দুৰ্ঘটনাৰ অন্তিম দৃশ্য। এয়াৰ ট্ৰেফিক কণ্ট্ৰোললৈ মে’ডে কল কৰিছিল দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পাইলটে।
বিমান দুৰ্ঘটনাৰ তদন্ত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। হাস্পতালত আহতৰসকলৰ খবৰ ল’লে শ্বাহে। গুজৰাটতে ১০০০ৰো অধিক ডি এন এ পৰীক্ষা হ’ব। বিদেশীৰ যাত্ৰীৰ আত্মীয়ৰো ডি এন এ নমুনা লোৱা হ’ব বুলি সংবাদমেলত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।
বিমানখনৰ ব্লেকবক্স উদ্ধাৰ কৰা হৈছে। ব্লেকবক্সটো ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব। ইতিমধ্যে বিমান দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে। তদন্তৰ বাবে আমেৰিকাৰ পৰা আহিব বিশেষজ্ঞৰ দল। ইফালে আহমেদাবাদলৈ উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে। হাস্পতালত আহতৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে।
