আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা সমাধান নোহোৱা পৰ্যন্ত গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ
……………………………………
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কাইলৈ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ সংগঠনটোৱে প্ৰতিষ্ঠা দিৱসটি ৰাজ্যজুৰি জিলা পয্যায়ত অনুষ্টিত কৰা হৈছে বুলি আছা ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো সাধাৰণ সম্পাদক দেবেন উৰাং আৰু প্ৰচাৰ সম্পাদক অমিত কিণ্ড এক বিবৃতি যোগে জানিবলৈ দিছে ৷ ১৯৯৬ চনৰ ২ জুলাইত লক্ষীমপুৰ জুনুবস্তি আদিবাসী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠা লাভ কৰা সংগঠনটোৱে আজি ২৯ বছৰ সম্পূৰ্ণ কৰিলে ৷ ১৯৯৬ চনত কোকোৰাঝাৰ,ওদালগুৰি, বাস্কা আদি জিলাত বড়ো আদিবাসীৰ মাজত হোৱা গোষ্ঠীগত সংঘৰ্ষ ফলত হাজাৰ হাজাৰ আদিবাসী লোকসকলে প্ৰাণ আহুতি দিব লগা হৈছিল আৰু নিজৰ ঘৰ-বাৰী হেৰুৱাব লগীয়া হৈছিল । কিন্তু সেই সময়ৰ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰে সংঘৰ্ষ ৰোধ কৰাত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আদিবাসী বুদ্ধিজীৱি সকল চিন্তিত হৈ পৰিছিল আৰু ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কথা চিন্তা কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) নামৰ ছাত্ৰ সংগঠনটোৰ জন্ম দিয়ে ৷ বৰ্তমান সময়ত আদিবাসী সমাজত জাতীয় পিতা হিচাপে পৰিচিত প্ৰয়াত জাষ্টিন লাক্ৰা সংগঠনটোৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি কোকোৰাঝাৰৰ গোষ্ঠী সংঘৰ্ষ বন্ধ কৰাৰ বাবে ৰাজ্যজুৰি প্ৰৱল প্ৰতিবাদ কৰাত ১৫ দিনৰ ভিতৰত গোষ্ঠী সংঘৰ্ষ ৰোধ হয় ৷ ২৯ বছৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা( আছা)ই আদিবাসী সকলক জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি আদি সমস্যাৰ লগতে অসমৰ জ্বলন্ত সমস্যা সমূহ সমাধানৰ বাবে মাত মাতি আহিছে ৷ বিভিন্ন চৰকাৰে বিভিন্ন সময়ত আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দি আহিছে যদিও আদিবাসী সকলৰ সংবিধানিক দাবী জনজাতিকৰণ আজিকোপতি প্ৰদান কৰা নহ’ল ৷ জনজাতি কৰণ কৰাৰ দাবীত প্ৰতিবাদ কৰিবলৈ যাওঁতে ২০০৩ চনত আঠজন যুৱকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে ৷ বিভিন্ন সময়ত গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ যাওঁতে আদিবাসী যুৱক-যুৱতী চিৰদনৰ বাবে পংগু হব লগা হল ৷ ১৯৯৬ চনৰ গোষ্ঠী সংঘৰ্ষত বহু আৱালবৃদ্ধ বনিতাক হত্যা কৰা হল। আজিও গোষ্ঠী সংঘৰ্ষত গৃহহীনা হোৱা আদিবাসী সকল কোকোৰাঝাৰ চিৰাং জিলাৰ লুংচুং বিচমুৰি দেওশ্ৰী ৰুণীখাটা আদি আশ্ৰয় শিবিৰত থাকিব লগা হোৱাটো দূৰ্ভাগ্যজনক ৷ ২০০৭ চনত লক্ষ্মী উৰাং গুৱাহাটী ৰাজপথত নিৰ্যাতিতা হব লগা হল আৰু চামচুন লংগৰী শ্বহীদ হব লগা হল । ইয়াৰ পিছতো কোনো এখন চৰকাৰৰ গা নলৰিল । কিন্তু স্ব-গোষ্টীৰ বহু বাঘা বাঘা নেতাৰ গাদী বচাওতে দিন পাৰ হল ৷ আছাই বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত আজি ২৯ বছৰে ভৰি দিছে ৷ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণকে ধৰি জ্বলন্ত সমস্যা সামাধান নোহোৱা পৰ্যন্ত “আছা” ক্ষান্ত নহয় আৰু গণতান্ত্ৰিক পন্থাৰে প্ৰৱল প্ৰতিবাদ কৰিবলৈ বদ্ধপৰিকৰ বুলি সংগঠনটোৰ নেতিত্ৰয়ে বিবৃতিটোৰ জড়িয়তে স্পষ্ট কৰি দিছে ৷