Monday, September 28, 2026
Homeঅসমবৰডুবিত আৰক্ষীৰ বিশেষ অভিযান, Drink & Drive-ৰ বিৰুদ্ধে কঠোৰ স্থিতি

বৰডুবিত আৰক্ষীৰ বিশেষ অভিযান, Drink & Drive-ৰ বিৰুদ্ধে কঠোৰ স্থিতি

বৰডুবিত যান-বাহনৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে আৰক্ষীয়ে চলালে বিশেষ তালাচী অভিযান। দেওশাল, বাহাদুৰ চাৰিআলি আৰু বৰডুবিৰ বিভিন্ন স্থানত বৰডুবি আৰক্ষীয়ে চলায় এই অভিযান।

বিশেষকৈ Drink & Drive-ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আৰক্ষীয়ে বিভিন্ন যান-বাহন তন্ন তন্নকৈ তালাচী চলায়।

বৰডুবি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ৰাজকোঁৱৰৰ নেতৃত্বত চলোৱা হয় এই বিশেষ অভিযান। পথত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আৰু যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

সুৰক্ষিত যাত্ৰা নিশ্চিত কৰাৰ লক্ষ্যৰে বৰডুবি আৰক্ষীৰ এনে তালাচী অভিযান আগন্তুক সময়তো অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments