গোৱালপাৰাৰ দৰংগিৰিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিজ কন্যা সন্তানৰ সৈতে পথ অতিক্ৰম কৰিবলৈ লওঁতেই সুশীলা ৰাভা নামৰ এগৰাকী মহিলাক এখন তীব্ৰবেগী বাছে মহতিয়াই নিয়ে। কন্যাৰ সন্মুখতে গোৱালপাৰা অভিমুখী বাছখনে মহিলাগৰাকীক খুন্দা মাৰি পলায়ন কৰে। বাছৰ খুন্দাত বহু দূৰলৈ ছিটিকি পৰি গুৰুতৰভাৱে আহত হোৱা সুশীলা ৰাভাক ৰংজুলিত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে, চিচিটিভি কেমেৰাত বন্দী হৈছে এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য।
