Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়বছৰৰ উদীয়মান ডিজিটেল প্লেটফৰ্মৰ বঁটা

বছৰৰ উদীয়মান ডিজিটেল প্লেটফৰ্মৰ বঁটা

ডিজিটেল ডেস্ক,  ANEWS24X7: “বছৰৰ উদীয়মান ডিজিটেল প্লেটফৰ্ম” হিচাপে টাইম২ লিপ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে অসম ভিত্তিক অ’টিটি প্লেটফৰ্ম Niri9।যোৱা ২৬ আগষ্টত মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত অসম ভিত্তিক অ’টিটি প্লেটফৰ্মক এই বঁটা প্ৰদান কৰা হয়।বিকেচিত অনুষ্ঠিত হোৱা এমএছএমই ষ্টাৰ্টআপ ইনোভেচন ছামিট আৰু বঁটা প্ৰদানৰ তৃতীয় সংস্কৰণত ভাৰত চৰকাৰৰ এমএছএমইৰ সঞ্চালক প্ৰধান ড০ এছ গ্ল’ৰী স্বৰূপাই নিৰী মিডিয়াৰ সঞ্চালক ড০ জুনমনি দেৱী খাউণ্ডে লাভ কৰা এই বঁটাটো তেওঁক অৰ্পণ কৰে মুম্বাইত।

এই উপলক্ষে নিৰি ৯ৰ সঞ্চালক ড০ জুনমনি দেৱী খাউণ্ডে কয়, “এয়া মোৰ আৰু মোৰ কঠোৰ পৰিশ্ৰমী নিৰী ৯ দলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত, ইয়াৰ লগে লগে আমাৰ দায়িত্ব বৃদ্ধি পাইছে আৰু আমি নিশ্চিতভাৱে আমাৰ প্লেটফৰ্মত ভাল কন্টেন্ট আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম আগন্তুক দিনবোৰ একাধিক ভাষাত।”

“ইয়াৰ জৰিয়তে মই আমাৰ অঞ্চলৰ স্থানীয় কাহিনী বিকশিত কৰাতো সকলক মই মনোযোগ দিম আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে কাম কৰি তেওঁলোকক তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ মঞ্চ দিম,” এই উপলক্ষে নিৰী মিডিয়াৰ আগন্তুক হিন্দী বৈশিষ্ট্যপূৰ্ণ ছবি “KOOKI” ৰ ট্ৰেইলাৰ উন্মোচন কৰা হয়।অভিনেতা নিশংকা খাউণ্ড আৰু মুখ্য অভিনেতা ঋতিশা খাউণ্ড, সংগীত পৰিচালক তপন দত্তৰ সৈতে ছবিখনৰ পৰিচালক প্ৰণোব ডেকা উপস্থিত থাকে..KOOKI হৈছে এখন নিৰি মিডিয়া প্ৰডাকচন ছবি, পৰিচালনা প্ৰণৱ ডেকাৰ, কাহিনী ড. জুনমনি দেৱী খাউণ্ড অভিনীত ঋতিশা খাউণ্ড, ৰাজেশ টাইলাং, দিপন্নিতা শৰ্মা, ঋতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্জী, বোধিসত্ত্ব শৰ্মা, কমল লোচন, বিভুতি ভূষণ হাজৰিকা, প্ৰীতি কংকোনা, ৰঞ্জীৱ লাল বৰুৱা আদি বহুকেইজন।আন দলৰ সদস্যসকলৰ ভিতৰত আছে ডি অ’ পি জ্ঞান গৌতম, সম্পাদক ঝুলন কৃষ্ণ মহন্ত, চূড়ান্ত সম্পাদক অনুপ সিং, ট্ৰেইলাৰ আৰু টিজাৰ সোম চাৱন, সংগীত পৰিচালক পল্লৱ তালুকদাৰ, সৌৰভ মহন্ত, তপন দত্ত, বেকগ্ৰাউণ্ড স্কোৰ তপন দত্ত, শব্দ ডিজাইন আৰু মিক্সিং অমৃত প্ৰীতম আৰু দেবাজিত চাংমাই ৷

ডিজাইন অমিত দাস আৰু অনুপম বৰদলৈ, ছ’চিয়েল মিডিয়া বীৰজু কে গোস্বামী, নিশাকা খাউণ্ড, গৌৰৱ কাশ্যপ, সহযোগী লেখক বিষ্ণলয়োতি হেণ্ডিক , মৃগেন্দ্ৰ এন কোঁৱৰ, দীক্ষা খাউণ্ড, ডিজিটেল মিডিয়া চাপৰ্ট এন কে টিভি, কাষ্টিং ডাইৰেক্টৰ অমিত শৰ্মা, প্ৰীতি গুপ্তা, মৃগেন্দ্ৰ এন কোঁৱৰ, অভিজিৎ নাথ , ডি আই স্কোৱাৰ ষ্টুডিঅ’ মুম্বাই, ৰংকাৰ সাশংক ঝা, কাৰ্যবাহী প্ৰযোজক ড° জুনমনি দেৱী খাউণ্ড।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments