- ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ দাম বৃদ্ধি কৰা সামাজিক মাধ্যমত হৈছে সৰৱ চৰ্চা।
- ইয়াৰ মাজতে ‘ৰৈ ৰৈ বিনালে’ প্ৰযোজকগোষ্ঠীক টিকটৰ দাম বৃদ্ধি নকৰিবলৈ অনুৰোধ জনাইছে প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে
- ইয়াৰ পিছতে টীম ‘ৰৈ ৰৈ বিনালে’ ছ’চিয়েল মিডিয়াত টিকটৰ দাম বৃদ্ধিক লৈ দিলে স্পষ্টীকৰণ।
- কিয় বৃদ্ধি হৈছে ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য, সেই সন্দৰ্ভতো স্পষ্টীকৰণ দিলে টীম ৰৈ ৰৈ বিনালেই।
- ‘‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য বৃদ্ধিক লৈ চলি থকা চৰ্চা সমূহ দেখি আমি পিভিআৰ, চিনেপলিছ্ আৰু অন্যান্য ছবিগৃহ সমূহৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিলোঁ।
- এই মূল্য বৃদ্ধিৰ কাৰণ হৈছে ‘Dynamic Pricing’।
- অৰ্থাৎ, কোনো এখন ছবিৰ টিকট বুকিং যেতিয়া ৬০% সম্পূৰ্ণ হয় তেতিয়া ছবিখনৰ টিকটৰ দাম বৃদ্ধি পায়, পৰৱৰ্তী ৮০% বুকিং হ’লে তেনেদৰেই আকৌ বৃদ্ধি পায়।
- এই ‘Dynamic Pricing’সকলো চিনেমাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়।
- ‘সেয়েহে, আমি এই সময়ত ছবিগৃহৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে ‘ৰৈ ৰৈ বিনালে’ৰ ক্ষেত্ৰত টিকটৰ মূল্য বৃদ্ধি হ’ব নালাগে আৰু ‘Dynamic Pricing’ আমাৰ ছবিখনৰ সৈতে প্ৰযোজ্য কৰিব নালাগে।
- কৰ্তৃপক্ষই এই কথাত সন্মতি জনাইছে আৰু আগন্তুক ১-২ ঘণ্টাৰ ভিতৰত আপোনালোকে পূৰ্ব নিৰ্ধাৰিত দামতেই ‘ৰৈ ৰৈ বিনালে’ৰ টিকট সংগ্ৰহ কৰিব পাৰিব
