Friday, September 11, 2026
Homeঅসম১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতি দিৱস

১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতি দিৱস

আজি ভাদ মাহৰ কৃষ্ণ ত্ৰয়োদশী তিথি। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১১ মহীয়া তিথি। কাহিলীপাৰাস্থিত বাসগৃহত আধ্যাত্মিক নীতি-নিয়মেৰে জুবিন গাৰ্গৰ পৰিয়ালে আয়োজন কৰিছে ১১ মহীয়া তিথি। জুবিনে ভালপোৱা খাদ্যও প্ৰস্তুত কৰিছে গৰিমা গাৰ্গে।

জুবিন গাৰ্গে মাছ খাই ভাল পাইছিল, আৰু জুবিন গাৰ্গে ভাল পোৱা মাছ আঞ্জা আৰু ভাত ৰান্ধিছে পত্নী গৰিমা গাৰ্গে। জুবিনে ভালপোৱা ৰুটিও প্ৰস্তুত কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা গাৰ্গে প্ৰস্তুত কৰা এই ভাতসাঁজ ব্ৰহ্মপুত্ৰৰ কাছমাৰী ঘাটলৈ লৈ গৈছে জুবিন গাৰ্গৰ পুত্ৰসম অৰুণ গাৰ্গে। মহাবাহুৰ পাৰত জুবিনৰ বাবে প্ৰস্তুত কৰা বিশেষ খাদ্য আগবঢ়োৱা হ’ব।

উল্লেখ্যে যে ১৯ ছেপ্টেম্বৰত নহয়, জুবিন গাৰ্গৰ বছৰেকীয়া তিথি পালন কৰা হ’ব ৮ অক্টোবৰত। উল্লেখ্য যে বিগত বৰ্ষৰ আহিন মাহৰ কৃষ্ণ ত্ৰয়োদশী তিথিত অসমবাসীক কন্দুৱাই কায়িকভাৱে আঁতৰি গৈছিল প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। আৰু এইবাৰ ৮ অক্টোবৰত মিলিছে কৃষ্ণ ত্ৰয়োদশী তিথি। আৰু সেইবাবে ৮ অক্টোবৰত পালন কৰা হ’ব জুবিন গাৰ্গৰ বছৰেকীয়া তিথি।

আনহাতে, ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া জুবিন দিৱসক লৈও প্ৰস্তুতি আৰম্ভ হৈছে। গৰিমা শইকীয়া গাৰ্গে জানিবলৈ দিয়া মতে, তিনিদিনীয়াকৈ পালন কৰা হ’ব জুবিন দিৱস। মঙলবাৰে অসম চৰকাৰৰ বৈঠক অনুষ্ঠিত হৈছিল ১৯ ছেপ্টেম্বৰৰ দিনটোক কেন্দ্ৰ কৰি। সাংস্কৃতিক পৰিক্ৰমা বিভাগে যিধৰণে সহযোগিতা বিচাৰিব, সেইদৰে সহযোগিতা কৰাৰ কথা উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন দিৱসৰ দিনা কি কি কাৰ্যসূচী গ্ৰহণ কৰা হ’ব, সেই সন্দৰ্ভত আজি বিয়লি পুনৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা জানিব পৰা গৈছে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments