‘ অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল শুই আছে নেকি?
চৰকাৰী চিকিসালয়সমূহত কি চলি আছে খবৰ নাই স্বাস্থ্য মন্ত্ৰীৰ । ‘
এই অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি জগদীশ বৰাইকৰ ।
বোকাখাত ডিফলু চাহ বাগিচাৰ প্ৰসূতি দীপা গোৱালাৰ মৃত্যুৰ বিতৰ্কই জোকাৰিছে বোকাখাত । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতৰ কেইবাটাও জাতীয় সংগঠনৰ উপস্থিতিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ।
বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক মহকুমা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা দীপা গোৱালৰ ন্যায়ৰ দাবী উত্থাপন সংগঠন সমূহৰ ।
উল্লেখ্য যে মহিলা শ্ৰমিক তথা প্ৰসূতি দীপা গোৱালই এটি সন্তান জন্ম দিয়াৰ পিছতে চিকিৎসক ছাইদুল হকৰ গাফিলতিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে । বোকাখাত সদৰ চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত জাতীয় সংগঠন সমূহ সৰৱ হৈ পৰে বোকাখাত মহকুমা চিকিৎসালয়ৰ বিৰুদ্ধে । ইয়াৰ মাজতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি জগদীশ বৰাইক উপস্থিত হৈ কঠোৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী অশোক সিংঘালক ।
