Tuesday, April 28, 2026
Homeঅসমবিটিচিৰ প্ৰথমটো শীতকালীন অধিবেশন সমাপ্ত

বিটিচিৰ প্ৰথমটো শীতকালীন অধিবেশন সমাপ্ত

বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত আৰম্ভ হোৱা বিটিচিৰ প্ৰথমটো শীতকালীন অধিবেশন সমাপ্ত ।

প্ৰশ্নোত্তোৰ শিতানেৰে আৰম্ভ হৈছিল সদনৰ কাম কাজ ।

৭ টা প্ৰশ্নোত্তোৰ সম্পন্ন হয় সদনত ।

 

ইউপিপিএলৰ দাওবৈছা বড়োই বিটিআৰ চুক্তি ৰূপায়ন সন্দৰ্ভত প্ৰশ্ন কৰে ।

ইয়াৰ পিছতেই বিটিচিৰ নৱ নিৰ্বাচিত ছজন মনোনিত সদস্যক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয় ।

আজিৰ সদনতে উপাধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয় বিজিত গৌৰা নাৰ্জাৰী ।

বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে শীতকালিন অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত কয় যে …

অসম চৰকাৰে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ ৰ অৱশিষ্ট দিন কেইটা চলোৱাৰ বাবদ পৰিপুৰক বাজেট (supplementary budget) হিচাপে ২৫০ কোটি টকাৰ অনুদান দিছে ।

 

বিটিচিৰ ফিক্সড পে’ কৰ্মচাৰীসকলৰ ৩০ মাহৰ বকেয়া দৰমহা মোকোলাই দিয়া হ’ব আৰু সেয়া বিটিচিৰ নিজা ৰাজহ উৎসৰ পৰা দিয়া হ’ব ।

বিটিচিৰ সদন আক্ৰমনৰ ঘটনা সন্দৰ্ভত অধ্যক্ষই এক গৰিহণামুলক প্ৰস্তাৱ আনে আৰু সদনত সেয়া গৃহীত হয় ।

ইপিনে ইউপিপিএলৰ নিৰ্বাচিত সদস্য দাওবৈছা বড়োই সদন আক্ৰমনৰ ঘটনাৰ সতে ইউপিপিএল দল কোনোধৰণে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments