বাংলাদেশত উত্তপ্ত পৰিস্থিতি। ঢাকাৰ দুখন মুখ্য বাতৰি কাকত দৈনিক ষ্টাৰ আৰু প্ৰথম আলোৰ কাৰ্যালয়ত প্ৰতিবাদকাৰীৰ অগ্নিসংযোগ। শ্বেখ হাচিনাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ এজন মুখ্য নেতা ওচমান হাজিৰৰ মৃত্যুৰ পাছতে এই পৰিস্থিতি বাংলাদেশত।
বাংলাদেশৰ ‘প্ৰথম আলো’ আৰু ‘ডেইলী ষ্টাৰ’ নামৰ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে একাংশ উত্তেজিত লোকে। নিশা দুয়োটা সংবাদ মাধ্যমৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে উত্তেজিত লোকে। সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়ৰ ভিতৰত এতিয়াও বহু কৰ্মচাৰী আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। উত্তেজিত লোকৰ আক্ৰমণত ভাঙি চূৰমাৰ হয় সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়।
বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে দেশখনৰ পৰিস্থিতি। দেশৰ সৰ্ববৃহৎ দৈনিক কাকত ‘প্ৰথম আলো’ৰ কাৰ্যালয়ৰ লগতে ‘ডেইলী ষ্টাৰ’ৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰিছে উন্মত্ত জনতাই। এই ঘটনাৰ পাছতে নিশা সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়ৰ সন্মুখত ব্যাপক হাৰত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰিছে চৰকাৰে। প্ৰতিবাদকাৰী জনতাই ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত থকাৰ কথা ঘোষণা কৰিছে। নিশা ‘ডেইলী ষ্টাৰ’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ ফলত বহু কৰ্মচাৰী ভিতৰতে আবদ্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে। উল্লেখ্য যে, ১২ ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত হৈ উঠিছে দেশখনৰ পৰিস্থিতি।
