- অসমত গ্ৰেপ্তাৰ ১১ জেহাদী
অসমত অস্ত্র-শস্ত্ৰ আৰু ডিজিটেল জেহাদৰ ভয়ংকৰ নেটৱৰ্ক উৎখাত
বাংলাদেশৰ পৰা JMBৰ নেতৃত্বত জেহাদী কার্যকলাপ
বৰপেটা, বাক্সা, চিৰাং আৰু দৰঙত উৎখাত জেহাদীৰ নেটৱৰ্ক
গ্ৰেপ্তাৰ কৰা ১১ টা জেহাদীৰ ১০টা অসমৰ, এটা ত্ৰিপুৰাৰ
ব্যাপক ৰূপত নিযুক্ত কৰিছিল যুৱকসকলক
পূর্ব আকাশ নামৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে নিযুক্তি
STFএ উৎখাত কৰিলে ভয়ংকৰ জেহাদী নেটৱৰ্ক
সংবাদমেল সম্বোধন কৰি আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই অসমত মৌলবাদী উৎখাতৰ প্ৰসংগ উল্লেখ কৰে। দেশৰ ৩ ৰাজ্যত বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান চলিছিল। STFৰ জালত পৰিছে ১১টা বাংলাদেশী মৌলবাদী। অসমৰ দৰং, চিৰাং, বৰপেটা আৰু বাক্সা জিলাত চলিছিল এই অভিযান।
পাৰ্থ সাৰথি মহন্তই কয়, অসম লিংকৰ মাষ্টাৰমাইণ্ড তামিম ইছলাম STFৰ জালত পৰিছে। জামাত-উল-মুজাহিদীনৰ ১০ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে এই অভিযানত। অসমত বাহৰ পাতিছিল আটাইকেইজন সদস্যই। অসমৰ উপৰি ত্ৰিপুৰা আৰু পশ্চিম বংগতো চলিছিল STFৰ অভিযান।
মৌলবাদী কেইটাৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে। ডিজিটেল জেহাদ আৰম্ভ কৰিছিল JMBৰ সদস্যই। বিশেষকৈ যুৱ প্ৰজন্মক টাৰ্গেট কৰি আৰম্ভ কৰিছিল ডিজিটেল জেহাদ। সামাজিক মাধ্যম ব্যৱহাৰ কৰি চলাইছিল ডিজিটেল জেহাদ। অসমত ডিজিটেলি ধন সংগ্ৰহ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। ধৃত তামিম ইছলামে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল ধন। অসম তথা ভাৰতক অশান্ত কৰাৰ লক্ষ্য আছিল মৌলবাদী শক্তিৰ।
আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, ‘‘IMK, ABT, AQIS মৌলবাদী শক্তিৰ বিৰুদ্ধে চলিছিল অভিযান। STFৰ অভিযানত নাছিম উদ্দিন, জুনাব আলী, আফ্ৰাহিম হুছেইন, মিজানুৰ ৰহমান, ছুলতান মহম্মদ, ছিদ্দিক আলী, ৰছিদুল আলম, মহিবুল খান, ছাৰুক হুছেইন, দিলবাৰ ৰজক আৰু জাগিৰ মিঞাক গ্ৰেপ্তাৰ কৰা হয়।
