Thursday, March 12, 2026
Homeঅসমনৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰীৰ উপহাৰ

নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰীৰ উপহাৰ

নৱবৰ্ষৰ প্ৰথম দিনটোত কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ‘নতুন দিনৰ আলাপ’। অসমৰ প্ৰতিটো স্তৰৰ লোকক স্পৰ্শ কৰাকৈ বহু উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে।

ছাত্ৰ-ছাত্ৰীৰ পৰা মহিলালৈ, সকলো লোককে নতুন বছৰৰ পহিলা দিনটোত বহু সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ‘অৰুণোদয় আঁচনি’ৰ পৰা ‘বাবু আঁচনি’লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা।সমান্তৰালকৈ অষ্টম দৰমহা আয়োগ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ অসম চৰকাৰেও গঠন কৰিব অষ্টম দৰমহা আয়োগ।

‘‘কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত দৰমহা আয়োগ গঠন কৰা নাই।’অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত অষ্টম অসম দৰমহা আয়োগ গঠন কৰা হ’ব। ৰাজ্যিক পৰ্যায়ত অষ্টম দৰমহা আয়োগ গঠন কৰা ভাৰতৰ প্ৰথম ৰাজ্য হ’ব অসম।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘শীঘ্ৰেই ম’বাইল ফোন বনোৱা কোম্পানী স্থাপন হ’ব অসমত। যোৱা বছৰ আমি ৮.৫০ লাখ মেট্ৰিক টন ধান কিনিছোঁ। উদ্যোগৰ সমান্তৰালকৈ কৃষি খণ্ডৰ উন্নয়ন হৈছে অসমত। নিবনুৱা এতিয়ালৈ ১ লাখ ৪৬ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়া হৈছে। ৯-১০ জানুৱাৰীত পুনৰ ADRE নিযুক্তি দিয়াৰ লগে লগে ১.৫০ লাখ পাৰ হ’ব। ফেব্ৰুৱাৰী আৰু নিযুক্তি দিয়াৰ লগে লগে ২ লাখৰ সীমা স্পৰ্শ কৰিম। ৭০ লাখ পৰিয়াললৈ চেনি, দাইল দিয়া হৈছে। মিছন বসুন্ধৰাৰ জৰিয়তে ৩ লাখ লোকক মাটিৰ অধিকাৰ। ২৬ লাখ পৰিয়ালক কেচলেছ মেডিকেল সেৱাৰ সুবিধা প্ৰদান কৰা হৈছে।’’

‘‘৫০০ কোটি টকা ব্যয় কৰি প্ৰট’ন থেৰাপী মেচিন ক্ৰয় কৰা হ’ব। কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত এয়া অন্যতম পদক্ষেপ। দেশৰ ভিন্ন প্ৰান্তৰ পৰা কৰ্কট ৰোগীয়ে অসমলৈ চিকিৎসাৰ বাবে আহিব। চৰকাৰী খণ্ডত প্ৰট’ন থেৰাপীৰ মেচিন ক্ৰয় দেশৰ ভিতৰত কৰা প্ৰথম ৰাজ্য হ’ব অসম।’’

‘‘চাহ বাগানৰ ৩ লাখ ৩৩ হাজাৰ পৰিয়ালে ভূমি দিয়া সিদ্ধান্ত লোৱা হৈছিল কিন্তু বাগানৰ মালিকসকলে এতিয়া সহযোগিতা কৰা নাই। বাগিচাৰ মালিকসকলে সহযোগিতা নকৰিলে আমি সকলোধৰণৰ Incentives withdraw কৰিম। তেওঁলোকক আমি বহু সুবিধা চৰকাৰে দিয়ে কিন্তু তেওঁলোকে চৰকাৰক সহযোগিতা কৰা নাই। ইয়াৰ লগত চাহ বাগানৰ ২০০ বছৰৰ ইতিহাস জড়িত আছে।’’

‘‘৫ বছৰত ৰাজ্যত ১৮৮খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু ২৫৮৯টা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমত ৩৭বাৰ প্ৰধানমন্ত্ৰীৰ আগমন হৈছে। বিগত ৭৫ বছৰৰ ভিতৰত এয়া অভিলেখ। এয়া স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ইমানদিন অসমলৈ কোনোবা প্ৰধানমন্ত্ৰী আহিছে।’’

কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নৱবৰ্ষৰ পহিলা দিনটোতে ‘বাবু আঁচনি’ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ‘বাবু আঁচনি’ৰ জৰিয়তে স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰই প্ৰতিমাহে লাভ কৰিব এহাজাৰকৈ টকা। ‘বাবু আঁচনি’ৰ জৰিয়তে স্নাতকোত্তৰ অধ্যয়ন কৰি থকা ছাত্ৰই প্ৰতিমাহে লাভ কৰিব ২ হাজাৰকৈ টকা।অৱশ্যে পিতৃ-মাতৃৰ বছৰি উপাৰ্জন ৪ লাখ টকাৰ অধিক হ’লে লাভ নকৰিব ‘বাবু আঁচনি’ৰ সুবিধা।

১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ যোগ্য ছাত্ৰসকলে লাভ কৰিব ‘বাবু আঁচনি’ৰ ধন। নৱবৰ্ষৰ পহিলা দিনটোতে এই অভিলাষী আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে বিগত কিছুমাহ ধৰি মুখ্যমন্ত্ৰীয়ে পহিলা জানুৱাৰীত বাবু আঁচনি ঘোষণা কৰা হ’ব বুলি মন্তব্য কৰি আহিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments