Thursday, March 12, 2026
Homeঅসম'ইউপিপিএলৰ লগত মিত্ৰতা হলে মই নাথাকিম বুলি আগতেই কৈছো'

‘ইউপিপিএলৰ লগত মিত্ৰতা হলে মই নাথাকিম বুলি আগতেই কৈছো’

কোকৰাঝাৰত বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ আধাৰশীলা স্থাপন হাগ্ৰামা মহিলাৰীৰ ।

১০০ বিছনাযুক্ত হ’ব বিবি ইঞ্জিনিয়াৰিং কলেজৰ তিনিমহলীয়া আৰচিচি ছোৱালী হোষ্টেল ।

২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ NEC fundৰে নিৰ্মান কৰা হ’ব বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেল ।

আধাৰশীলা স্থাপন কৰি সংবাদমাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীৰ মন্তব্য …

বিহুৰ আগে আগে এপ্ৰিলত হ’ব বিধানসভা নিৰ্বাচন ।

এনডিএৰ মিত্ৰদলৰ মাজত আসন ভাগ বটোৰোৱাক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই বা সিদ্ধান্ত হোৱা নাই ।

আমি এইবাৰ অধিক আসন বিচাৰিম ।

আসন খুজাত (বিচৰাত) কম কৰিব নালাগে ।

১২৬ টা সমষ্টিৰ ভিতৰত ৫০ -৮০টা খুজিব পাৰো। পিছত নিশ্চয় এৰা-ধৰা হ’ব কিন্তু খুজাত কম হ’ব নালাগে ।

বিটিচিত ইউপিপিএলৰ সতে মিত্ৰতা এনডিএই মিত্ৰতা কৰাই কথাই নাহে । ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত কি কৰে তাত আপত্তি নাই । কিন্তু বিটিচিত নহ’ব।
ইউপিপিএলৰ লগত মিত্ৰতা হলে মই নাথাকিম বুলি আগতেই কৈছো ।

অনাগত সময়ছোৱাত বহু ভাল ভাল প্ৰকল্প বিটিচিয়ে ৰূপায়ন কৰিব ।

ওদালগুৰীত মিনি সচিবালয়, ড° ভূপেন হাজৰিকা স্মৃতি উদ্যান, জৌহৌলাও প্ৰেমসিং ব্ৰহ্ম স্মৃতি ভৱন , চিলাৰায় ভৱন আদিকে ধৰি আন কেবাটাও প্ৰকল্প ৰূপায়ন কৰা হ’ব।

আজিৰ আধাৰশীলা অনুষ্ঠানত বনৰগাঁও পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য য়ুৱিৰাজ বসুমতাৰীও উপস্থিত আছিল ।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments