তিতাবৰত উপস্থিত মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ।
যোৰহাটত নিৰ্মান হব বিশাল সতী সাধনী মূৰ্তি ।
বগী বিলৰ দৰেই এক বিশাল প্ৰকল্প সতী সাধনী মূৰ্তি যোৰহাটত নিৰ্মান হব ।
চুতীয়া সকলক চৰকাৰী চাকৰি ক্ষেত্ৰত 29 শতাংশ আসন সংৰক্ষন কৰা হব ।
গৌৰৱ গগৈয়ে who is হিমন্ত বিশ্ব শৰ্মাক মন্তব্য কৰাক লৈ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ।
শিৱসাগৰ যদি ধুবুৰী হয় তেন্তে বৰ অসমখন মিয়া অসম হব ।
মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় মোক who is হিমন্ত বুলি কলে কি হব । মই সাধাৰণ মানুহ মোক সুধি কি লাভ ।
তিতাবৰত নিৰ্বাচনৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো টাৰ্গেট নাই ।
কিন্তু তিতাবৰত নতুন মুখেই ২০২৬ ৰ নিৰ্বাচনৰ প্ৰাৰ্থী হব
কংগ্ৰেছৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই বিজপিলৈ আহিম বুলি ভাবে কিন্তু অহাৰ সাহস নাই ।
তিতাবৰত অনুষ্ঠিত চুতীয়া সাংষ্কৃতি আৰু জনগোষ্ঠীয় সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী উপস্থিত থাকি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু অতুল বৰাকে ধৰি কেইবাজনো চৰকাৰী বিষয়া আৰু মন্ত্ৰী বিধায়ক ।
