Thursday, March 12, 2026
Homeঅসমপৰম্পৰাগত ভাবে উৰুকাৰ আনন্দত মতলীয়া জনগন

পৰম্পৰাগত ভাবে উৰুকাৰ আনন্দত মতলীয়া জনগন

আজি উৰুকা।অসমৰ সংস্কৃতিৰ এক প্ৰধান উৎসব মাঘ বিহু বা ভোগালী বিহুৰ আৰম্ভনি উৰুকা।পৰম্পৰাগত ভাবে উৰুকাৰ আনন্দত মতলীয়া জনগন।…

চহা জীৱনৰ পৰা মহানগৰীয়া জীৱনলৈ ব্যাপ্ত মাঘ বিহুৰ ভোগালীৰ আনন্দৰ অংশৰূপে আজি উদৰ পূৰাই এসাঁজ খাব প্রতিজন অসমীয়াই। ক্ষণিকৰ বাবে হ’লেও জীৱন সংগ্ৰামৰ দুখ ভাগৰ পাহৰি সাধাৰণ লোকজনেও উৰুকাৰ বাবে সাজু হৈছে।

গ্রামাঞ্চলৰ পৰা নগৰাঞ্চললৈ একেবাৰে নিঃকিনজনৰ পৰিয়ালতো সামর্থ্য অনুযায়ী কৰা হৈছে ভোগৰ আয়োজন। ইয়াক কেন্দ্ৰ কৰি ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ-পোহাৰসমূহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰীতো ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে চৌপাশ। বিধে বিধে বিশাল আকাৰৰ মাছৰ লগতে লাডু-পিঠা, দৈ-ক্ৰীমৰ পৰা আদি কৰি মেজিটোলৈকে ভোগালী বিহুৰ প্ৰতিবিধ সামগ্রী উভৈনদী হৈ পৰিছে বজাৰসমূহৰ লগতে পথসমূহৰ দুয়োকাষ।

মাছ-মাংসৰে উভৈনদী হৈ পৰিল বজাৰ সমাৰ। বজাৰে বজাৰে খলখলাই আছে মাছে। থলুৱা মাছৰ লগতে বজাৰসমূহত উভৈনদী হৈ পৰিছে বৃহদাকাৰৰ ৰৌ-ভকুৱা, বৰালিকে ধৰি ভিন্ন মাছ।
পছন্দৰ মাছটো কিনিবলৈ মাছৰ বজাৰসমূহত পুৱতি নিশাৰে পৰা ভিৰ কৰিছে একাংশ গ্ৰাহকে। বজাৰত ওলোৱা ডাঙৰ ডাঙৰ মাছ কিনিবলৈ পুৱাই বজাৰলৈ ওলাইছে একাংশ লোক। চিতল, ৰৌ, আৰি, ভকুৱা, বৰালী মাছৰ সমাহাৰে আজি নতুন ৰূপ পালে প্ৰতিখন বজাৰ। পুৱাই পছন্দৰ মাছ কিনি নিশা উপভোগ কৰিবলৈ বজাৰত ভিৰ কৰিলে বহুজনে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments