Tuesday, March 10, 2026
Homeৰাষ্ট্ৰীয়বেংগালুৰুৰ বন্ধ কোঠাত উদ্ধাৰ অসমৰ ৪ যুৱকৰ নিথৰ দেহ!

বেংগালুৰুৰ বন্ধ কোঠাত উদ্ধাৰ অসমৰ ৪ যুৱকৰ নিথৰ দেহ!

বেংগালুৰুৰ বন্ধত কোঠাত উদ্ধাৰ হ’ল অসমৰ ৪ যুৱকৰ মৃতদেহ। ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হৈছে চাৰিজন যুৱকৰ মৃতদেহ।

বেংগালুৰু গ্ৰাম্য জিলাৰ মুটছান্দ্ৰা গাঁৱত ভাড়াঘৰৰ ভিতৰত ৪জন যুৱক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। মৃত যুৱককেইজনে অসমৰ লখিমপুৰৰ জিলাৰ পৰা বেংগালুৰুলৈ কৰ্মৰ সন্ধানত গৈছিল। ঘৰৰ ভিতৰত শুই থকা অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ হয় যুৱককেইজনক।

নিহত দুজন হৈছে জয়ন্ত চিন্তে খগেশ্বৰ, নৰেন্দ্ৰনাথ টাইড, ডক্টৰ টাইড আৰু ধনঞ্জয় টাইড বুলি জানিব পৰা গৈছে। চাৰিওজনে অঞ্চলটোৰ কোকাকোলাৰ এটা গুদামত কৰ্মৰত আছিল।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বেংগালুৰু গ্ৰাম্য জিলা আৰক্ষী অধীক্ষক চন্দ্ৰকান্তেও স্থান পৰিদৰ্শন কৰিছে।
৪ যুৱকৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে মিচিং যুৱককেইজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments