Tuesday, March 10, 2026
Homeঅসমনাজিৰাত কংগ্ৰেছৰ দুৰ্গত অগপৰ ব্যাপক নিৰ্বাচনী কুছকাৱাজ

নাজিৰাত কংগ্ৰেছৰ দুৰ্গত অগপৰ ব্যাপক নিৰ্বাচনী কুছকাৱাজ

ৰেখামণি মহন্তৰ প্ৰতিবেদন: নাজিৰা বিধানসভা সমষ্টিত বৰ্তমান ব্যাপক নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে।৯৭ নং নাজিৰা বিধানসভা সমষ্টিত কংগ্ৰেছ,বিজেপি আৰু অগপ দলৰ প্ৰাৰ্থীত্ব দাবীদাৰসকলে ৰাইজৰ মাজত কুছকাৱাজ আৰম্ভ কৰিছে ৷ এই নিৰ্বাচনক এক আকৰ্ষণীয় যুঁজলৈ পৰিণত কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে। গাঁও–চহৰৰ পথসভা, ঘৰে-ঘৰে সংযোগ অভিযান, সামাজিক মাধ্যমত প্ৰচাৰ আদিৰ জৰিয়তে ভোটাৰৰ মন জয় কৰিবলৈ সকলো পক্ষ ব্যস্ত হৈ পৰিছে।

নাজিৰা সমষ্টিৰ ভোটাৰসকল এইবাৰ উন্নয়ন, নিয়োগ, শিক্ষাৰ মান উন্নয়ন, কৃষক আৰু যুৱসমাজৰ সমস্যা আদিক কেন্দ্ৰ কৰি অধিক সচেতনভাৱে মত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। ফলস্বৰূপে, নিৰ্বাচনী আলোচনা কেৱল ব্যক্তিগত প্ৰচাৰলৈ সীমাবদ্ধ নাথাকি নীতি–কাৰ্যসূচী আৰু জনস্বাৰ্থৰ বিষয়লৈ কেন্দ্ৰিত হৈছে।

প্ৰতিদ্বন্দ্বী দলসমূহৰ মাজত কংগ্ৰেছৰ প্ৰাৰ্থী তথা একেৰাহে ৩ বাৰৰ বিজয়ী বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়া,বিজেপিৰ ময়ুৰ বৰগোহাঁই আৰু অগপৰ পংকজ মহন্তৰ প্ৰচাৰত স্থানীয় সমীকৰণ আৰু ভোটাৰৰ মনোভাৱৰ পৰিবর্তনে নাজিৰাৰ ৰাজনৈতিক পৰিস্থিতিক অধিক ৰোমাঞ্চকৰ কৰি তুলিছে।সমষ্টিটোত এইবাৰ বিশেষকৈ যোৱাবাৰৰ বিজেপিৰ পৰাজিত প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইয়ে এইবাৰ পূৰ্ণ শক্তিৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে তাৰ বিপৰীতে অগপ প্ৰাৰ্থীত্বৰ দাবীদাৰ যুৱ অধিবক্তা তথা সমাজকৰ্মী পংকজ মহন্তইয়ো সমষ্টিবাসীৰ মাজত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷

কংগ্ৰেছ দুৰ্গখ্যাত নাজিৰা বিধানসভা সমষ্টিত এইবাৰ আকৰ্ষণীয় নিৰ্বাচনী যুজঁ হ’ব কিয়নো সমষ্টিটোত অগপৰ প্ৰাৰ্থীৰ সমীকৰণে কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ অংকত আউল লগোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো যুৱ অধিবক্তা সমষ্টিবাসীৰ প্ৰতি এইবাৰ নতুন মুখ ৷

এক বিশেষসূত্ৰৰ পৰা জানিব পৰামতে সমষ্টিটোত শাসকীয় দুই মিত্ৰদলে নতুন মুখৰ নিকাভাৱমূৰ্তিৰ প্ৰাৰ্থীৰ সন্ধানত নামি পৰিছে৷গতিকে সেই দিশৰ পৰা চালে হয়তো পংকজ মহন্তক লৈয়ো দুই শাসকীয় মিত্ৰদলে ঐক্যবদ্ধৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ প্ৰচেষ্টা চলাব পাৰে৷ মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনত নাজিৰাত এক কঠিন, প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আৰু আকৰ্ষণীয় যুঁজ দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments