Tuesday, March 10, 2026
Homeঅসমপুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমে প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। তাৰ পিছতে পলাশবাৰীত IIMৰ অস্থায়ী কেম্পাছৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। গুৱাহাটী মহানগৰীৰ বাবে ১০০খনকৈ ইলেক্ট্ৰিক বাছো উপহাৰ দিব প্ৰধানমন্ত্ৰীয়ে। গুৱাহাটীত নেচনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। খানাপাৰাৰ খেল পথাৰত বিজেপিৰ বুথ সন্মিলনত ভাগ ল’ব মোদীয়ে।

গুৱাহাটী কাৰ্যসূচী সমাপ্ত কৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথতে অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মৰাণত ঘাইপথত বায়ু সেনাই এয়াৰ শ্ব’ প্ৰদৰ্শন কৰিব। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব ৰাফেল, ছুখয় আদি। মাৰ্চত পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। আজাৰত ৰাজ্যিক বিজেপিৰ বুথ বিজয় অভিযানত অংশ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments