Monday, March 16, 2026
Homeঅসম৪ মাৰ্চৰ দিনটোত স্থানীয় বন্ধ ঘোষণা

৪ মাৰ্চৰ দিনটোত স্থানীয় বন্ধ ঘোষণা

৩ মাৰ্চত পালন কৰা হ’ব মহাপ্ৰভু শ্ৰীশ্ৰী কৃষ্ণৰ দৌলযাত্ৰা। আবিৰৰ ৰঙত বিলীন হ’বলৈ সাজু সকলো। ৰাজ্যৰ প্ৰান্ত-প্ৰান্ত দৌল যাত্ৰাক লৈ উছাহ-উদ্দীপনা। এদিন নহয়, দৌলযাত্ৰা আৰু হোলী উপলক্ষে দুদিনকৈ বন্ধ পাব এইসকল চৰকাৰী কৰ্মচাৰীয়ে।

শোণিতপুৰ জিলাৰ পিছত হোলী উপলক্ষে প্ৰশাসনে কামৰূপ(মহানগৰ) জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে। ৪ মাৰ্চত হোলী উপলক্ষে কামৰূপ(মহানগৰ) জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।সাধাৰণ প্ৰশাসনে বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। ৪ মাৰ্চৰ দিনটোত কামৰূপ (মহানগৰ) জিলাৰ স্কুল-কলেজকে ধৰি সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব।

৪ মাৰ্চৰ দিনটোত শোণিতপুৰ জিলাৰো স্কুল-কলেজকে ধৰি সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব। কিন্তু পূৰ্বৰ নিৰ্ধাৰিত পৰীক্ষাসমূহত এই বন্ধৰ কোনো প্ৰভাৱ নপৰিব।উল্লেখ্য যে অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত বন্ধৰ তালিকাত ৩ মাৰ্চত দিনটোত দৌল যাত্ৰাৰ বাবে বন্ধ দিন ঘোষণা কৰা হৈছে। অৰ্থাৎ শোণিতপুৰ আৰু কামৰূপ(মহানগৰ) জিলা চৰকাৰী কৰ্মচাৰীয়ে ৩ আৰু ৪ মাৰ্চৰ দিনটোত বন্ধ লাভ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments