২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। আজি কংগ্ৰেছে ৪২টা সমষ্টিৰ বাবে ঘোষণা কৰিলে নিজৰ প্ৰাৰ্থী তালিকা।
প্ৰাৰ্থিত্বক লৈ বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। ঘোষিত প্ৰাৰ্থী তালিকা অনুসৰি যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচন খেলিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব গৌৰৱ গগৈ।
