গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী বহুচৰ্চিত কুমাৰ ভাস্কৰ বৰ্মা সেতুখন আজি আনুষ্ঠানিকভাৱে যান-বাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছে। দেওবাৰে দিনৰ প্ৰায় ১২ বজাৰ পাছত দুচকীয়া আৰু অন্যান্য লঘু বাহনৰ বাবে সেতুখন খুলি দিয়া হয়। অৱশ্যে বৰ্তমান সময়ত বাছ আৰু বাণিজ্যিক গধুৰ বাহন চলাচলৰ বাবে অনুমতি দিয়া হোৱা নাই।
এই নতুন সেতুখনেৰে যাতায়াত আৰম্ভ হোৱাত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত অধিক সুচল হোৱাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
