গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰবল বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। পুনৰ প্ৰতিকূল হ’ব পাৰে অসমৰ বতৰ।
আজি শনিবাৰৰ বাবে ৰাজ্যৰ ২৭খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। হালধীয়া সতৰ্কতা জাৰি হোৱা জিলাসমূহৰ ভিতৰত আছে ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, তামুলপুৰ, দৰং, ওদালগুৰি, মৰিগাঁও, কামৰূপ, কামৰূপ মেট্ৰ’, নগাঁও, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলা। এই অঞ্চলসমূহত বজ্ৰপাত আৰু ধুমুহাৰ সৈতে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।
শনিবাৰে হালধীয়া সতৰ্কতা জাৰি কৰা জিলাসমূহৰ ভিতৰত কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, ওদালগুৰি, দৰং, কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত শনিবাৰে বিজুলী, ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। এই অঞ্চলসমূহত অত্যধিক বৰষুণৰ সম্ভাৱনা থাকিব বুলি সতৰ্কবাণী জাৰি কৰা হৈছে।
আনহাতে, শনিবাৰে হালধীয়া সতৰ্কতা জাৰি কৰা জিলাসমূহৰ ভিতৰত বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী, তামুলপুৰ, কামৰূপ, মৰিগাঁও আৰু কামৰূপ মেট্ৰ’ জিলাত শনিবাৰে বিজুলী, ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। এই অঞ্চলসমূহতো অত্যধিক বৰষুণৰ সম্ভাৱনা থাকিব বুলি সতৰ্কবাণী জাৰি কৰা হৈছে।
লগতে হালধীয়া সতৰ্কতা জাৰি কৰা ধুবুৰী, শোণিতপুৰ, নগাঁও আৰু বিশ্বনাথ জিলাৰ দুই এঠাইত বিজুলী, ঢেৰেকনিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে, এই সময়ছোৱাত উল্লেখ কৰা জিলাসমূহৰ ঠাইবিশেষে বজ্ৰপাতৰ লগতে বিজুলী-ঢেৰেকনিৰে বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।
তদুপৰি, কাইলৈ দেওবাৰেও ৰাজ্যৰ এইকেইখন জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই হালধীয়া সতৰ্কতা জাৰি কৰিছে। সেই জিলাকেইখন হৈছে বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ’, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলা।
