Thursday, April 16, 2026
Homeঅসমজামুগুৰিহাটৰ পাতলচুক গাওঁৰ অৰুণ ভূঞাই সংৰক্ষণ কৰি ৰাখিছে ১০০ জোপাৰ অধিক মাখিয়তী...

জামুগুৰিহাটৰ পাতলচুক গাওঁৰ অৰুণ ভূঞাই সংৰক্ষণ কৰি ৰাখিছে ১০০ জোপাৰ অধিক মাখিয়তী গছ

চতিয়াৰ পৰা অঞ্জন শ‌ইকীয়াৰ প্ৰতিবেদন:আজিৰ সময়ত ব’হাগ বিহুৰ প্ৰথম দিন গৰু বিহুত নতুন প্ৰজন্মৰ বহুতে দীঘলতি-মাখিয়তিৰ পাত চিনি নোপোৱা হৈছে। গাঁৱৰ পৰা চহৰলৈ স্থানান্তৰ, আধুনিক জীৱনশৈলী আৰু পৰম্পৰাগত জ্ঞানৰ ক্ষয়—এই সকলোৰ মাজত অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ লাহে লাহে হেৰাই যোৱাৰ আশংকা দেখা দিছে। গৰু বিহুৰ দিনা গৰু-ম’হক নোৱাই-ধুৱাই, মাহ-হালধি সানি, শিঙত তেল লগাই, আৰু সেই মাখিয়তী পাতেৰে কোবাই দীৰ্ঘায়ু আৰু সুৰক্ষা কামনা কৰা পৰম্পৰাটো বহু ঠাইত কেৱল স্মৃতিত সীমাবদ্ধ হৈ পৰিছে।
তেনে এটা সময়তে জামোগুৰিহাটৰ পাতলচুক গাঁৱৰ অৰুণ ভূঞাই এক অসাধাৰণ কাম কৰি ৰাখিছে। তেওঁ নিজৰ বাৰীত অতি সযতনে সংৰক্ষণ কৰি ৰাখিছে এশজোপাৰো অধিক মাখিয়তি গছ। এই গছ জোপাৰ পাত গৰু বিহুৰ দিনা গৰুৰ গাত কোবাই দিয়া হয়, যাতে বছৰটোলৈ মহ-ডাঁহ, বেমাৰ-ব্যাধিৰ পৰা গৰুক সুৰক্ষা দিয়ে বুলি লোকবিশ্বাস। মাখিয়তীৰ সৰু সৰু পাতবোৰে গৰুৰ গাত মাৰি গোৱা হয় “মাখিয়তী মাখিপাত মাখি মাৰোঁ জাত জাত” বুলি গোৱাৰ লগে লগে এক প্ৰতীকী সুৰক্ষাৰ আৱৰণ সৃষ্টি কৰে।
অৰুণ ভূঞাৰ এই প্ৰয়াস কেৱল গছ ৰখা নহয়—ই হৈছে সাংস্কৃতিক দায়িত্ববোধৰ প্ৰকাশ। নৱপ্ৰজন্মক এই পৰম্পৰা চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে তেওঁ এই গছবোৰ যত্ন লৈ ৰাখিছে। গৰু বিহুৰ আগদিনা বহুতে তেওঁৰ ঘৰলৈ আহি মাখিয়তীৰ পাত নিয়াৰ বাবে নিবলৈ আহে। এইদৰে এজন সাধাৰণ মানুহে নিজৰ সীমিত সামৰ্থ্যৰে অসমীয়া বিহুৰ এক গুৰুত্বপূৰ্ণ উপকৰণক জীয়াই ৰাখিছে।
এই কামটোৰ মাজত এটা গভীৰ বাৰ্তা নিহিত আছে—আমাৰ পূৰ্বপুৰুষে সৃষ্টি কৰা পৰম্পৰা কেৱল উৎসৱৰ দিনা মনত পেলোৱা নহয়, ইয়াক সক্ৰিয়ভাৱে ৰক্ষা কৰিব লাগে। অৰুণ ভূঞাৰ দৰে ব্যক্তিৰ প্ৰয়াসে দেখুৱাইছে যে, যদি হৃদয়ত মৰম থাকে, তেন্তে সাংস্কৃতিক সম্পদ হেৰাই নাযায়। তেওঁৰ এই এডৰা মাখিয়তি কেৱল গছ নহয়, ই হৈছে অসমীয়া কৃষিজীৱি জীৱনৰ প্ৰতি শ্ৰদ্ধা, প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা আৰু পৰম্পৰাৰ প্ৰতি এক নিৰৱ সংগ্ৰাম।
যিসকলে কাইলৈ গৰু বিহু পালন কৰিব, তেওঁলোকে যদি এই মাখিয়তীৰ পাত এটা হাতত লয়, তেন্তে মনত পেলাব লাগে—এই পাত এটা সাধাৰণ পাত নহয়, ই হৈছে এজন মানুহৰ স্বপ্ন আৰু দায়িত্ববোধৰ ফল। অৰুণ ভূঞাৰ দৰে বহুতো অজ্ঞাত নায়কৰ বাবেই আমাৰ বিহুৰ সম্পদ এতিয়াও হেৰাই যোৱা নাই। তেওঁলোকক শ্ৰদ্ধা জনাই, আমি সকলোৱে এই পৰম্পৰাক লৈ আগবঢ়াব পাৰোঁ।
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত…
এই বাক্য যেতিয়া গৰু বিহুৰ দিনা বতাহত ভাঁহি থাকিব, তেতিয়া অৰুণ ভূঞাৰ নামটো মনত পৰিব—যি এজন মানুহে নিজৰ গাঁৱৰ পৰা এটা সাংস্কৃতিক উত্তৰাধিকাৰক সংৰক্ষণ কৰি ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments