Wednesday, April 15, 2026
Homeঅসমআজি উৰুকা...

আজি উৰুকা…

আজি ৰঙালী বিহুৰ উৰুকা। উৰুকাৰ বজাৰত দেখা পোৱা গৈছে অসমীয়াৰ থলুৱা সামগ্রী। অসমীয়া নৱবৰ্ষত জ্যেষ্ঠ জনক বস্ত্ৰদান কৰি সেৱা কৰা, নতুন কাপোৰ পিন্ধা পৰম্পৰা ৰক্ষা কৰি কাপোৰৰ বজাৰত ভিৰ কৰাৰ সমান্তৰাল ভাৱে বিহুৰ যা-জলপান অন্যান্য সামগ্রী ক্ৰয়ৰ বাবে ভিৰ দেখা পৰিলক্ষিত হৈছে।

ৰাজ্যৰ প্ৰতিখন সৰু-বৰ বজাৰত এতিয়া উভৈনদী বিহুৰ প্রয়োজনীয় সা-সামগ্রী, লাড়ু-পিঠা, গুৰ, দৈ, চিৰা, আখৈ আদি। মুঠৰ ওপৰত বজাৰ ভৰিছে অসমীয়াৰ প্ৰাণৰ থলুৱা সামগ্রী সমূহে।

আনহাতে কৰ্মব্যস্ততা এৰি আপোন ঘৰখনলৈ উভতিছে বিভিন্নজন। উজনি-নামনি সৰ্বত্র ৰঙালীৰ আনন্দত মতলীয়া হৈ হেঁপাহৰ ঘৰলৈ ঢাপলি মেলিছে কৰ্মচাৰী। যান্ত্রিকতাৰ আঁৰত হেৰাই যোৱা আন্তৰিকতা যেন ৰঙালীয়ে আদৰি আনিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments