Thursday, April 16, 2026
Homeঅসমবৰপেটাৰোডত পুনৰ ৮ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

বৰপেটাৰোডত পুনৰ ৮ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

বৰপেটাৰোডৰ আজাদ নগৰত চাইবাৰ অপৰাধীৰ বৃহৎ ঘাটি উৎখাট |

আৰক্ষীৰ অভিযানত বৰপেটাৰোডত পুনৰ ৮ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ ।

সোমবাৰে ৩ চাইবাৰ
অপৰাধীক গ্ৰেপ্তাৰৰ পিচত পুনৰ আৰক্ষীৰ জালত পৰিল ৮ চাইবাৰ অপৰাধী |

বৰপেটাৰোড চহৰৰ আজাদ নগৰত কাজী লুৎফুৰ ৰহমান নামৰ অৱসৰী সেনা জোৱান জনৰ ভাৰাঘৰত অভিযান চলাই গ্ৰেপ্তাৰ অপৰাধী চক্ৰটোক |

ইয়াকে লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ |

এটা আন্তঃৰাজ্যিক চাইবাৰ অপৰাধী চক্ৰই কৌশলেৰে আনৰ একাউন্ট যোগে সৰকাই নিছিল ধন |

এই অপৰাধৰ বিষয়ে জানিব পাৰি বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰে নেতৃত্বত অভিযান চলাই চাইবাৰ অপৰাধী চক্ৰটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে |

আৰক্ষীয়ে জনোৱামতে, বৰপেটাৰোডৰ আজাদ নগৰত অৱসৰী সেনা জোৱানৰ ঘৰ ভাৰাত লৈ দীৰ্ঘদিন ধৰি চলাই আহিছিল প্ৰবঞ্ছনাৰ জাল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments