Wednesday, April 15, 2026
Homeঅসমআজিৰে পৰা অসমবাসীয়ে পালন কৰিছে ব’হাগ বিহু

আজিৰে পৰা অসমবাসীয়ে পালন কৰিছে ব’হাগ বিহু

আজি গৰু বিহু। পুৱাতেই গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে ৰাজ্যবাসীয়ে। ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ।
গাঁৱৰ কৃষকসকলে সাতামপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰে গৰু বিহু। পুৱাতেই ওচৰৰ নৈ-বিল-পুখুৰীত গৰুক গা ধুৱায়। গা ধুৱাই লাও, বেঙেনা, হালধি গৰুৰ গালৈ ছটিয়াই প্ৰতিগৰাকী অসমীয়া কৃষিজীৱী লোকে ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’ বুলি গাই গোধনৰ কুশল কামনা কৰে।
গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু ন-শক্তি কামনা কৰে। সন্ধিয়া গৰুক আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷ পাছত নতুন পঘাৰে গৰুক বন্ধাৰ উপৰি গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিচনীৰে বিচি পিঠা-পনা খুওৱা হয়
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments