Wednesday, April 22, 2026
Homeঅসমঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত আহিব ধুমুহা

ঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত আহিব ধুমুহা

ৰাজ্যত বতৰে ল’ব পাৰে সংহাৰী ৰূপ। দেওবাৰে এজাক বৰষুণৰ পিছতে গুৱাহাটীৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল। এতিয়া কৃত্ৰিম বানৰ কৱলত পৰি আছে গুৱাহাটীৰ বহু এলেকা। গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও, বেলতলা, ছয়মাইলকে ধৰি বিস্তীৰ্ণ অঞ্চল পানীৰ কৱলত পৰিছে। পুনৰ ৰাজ্যৰ ১৯খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।

দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, কাৰ্বি আংলং, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি আৰু লখিমপুৰত আজি বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰিছে।

ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কাৰ্বি আংলং, মাজুলী আৰু যোৰহাট জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কবাণী অনুসৰি বিজুলী ঢেৰেকনিৰ লগতে ঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কবাণী অনুসৰি বঙাইগাঁও, বৰপেটা, বজালী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিজুলী ঢেৰেকনিৰ লগতে ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।

কামৰূপ, কামৰূপ(মহানগৰ), শিৱসাগৰ আৰু চৰাইদেউ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কবাণী অনুসৰি বিজুলী ঢেৰেকনিৰ লগতে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, কাৰ্বি আংলং, মাজুলী, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকনিসহ ব্ৰজপাত অহাৰ সম্ভাৱনা আছে। বঙাইগাঁও, বৰপেটা বজালী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দুই এঠাইত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments