Wednesday, April 29, 2026
Homeঅসমঅৱসৰপ্ৰাপ্ত প্রধান শিক্ষক মান্না বৰকাকতিৰ বিদায় সম্বৰ্দ্ধনা সভা

অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক মান্না বৰকাকতিৰ বিদায় সম্বৰ্দ্ধনা সভা

চিমনা বস্তি চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক মান্না বৰকাকতিৰ বিদায় সম্বৰ্দ্ধনা সভা।

বিদ্যালয় পৰিচালনা সমিতি,কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যয়নকৃত ছাত্ৰ-ছাত্ৰীবৃন্দৰ ব্যবস্থাপনাত আৰু সিমনাবস্তিবাসী ৰাইজ,বিদ্যালয়ৰ প্রাক্তন ছাত্র-ছাত্ৰী সহযোগত লগতে সহযোগী বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয়।

সভাখনত সভাপতিৰ আসন অলংকৃত কৰে বিদ্যালয়ৰ প্রতিষ্ঠাকালৰে পৰা জড়িত থকা তথা প্রাক্তন প্ৰধান শিক্ষক শ্ৰদ্ধাৰ বিৰিঞ্চি কুমাৰ ভূঞা।

বিদায়ী সভাখনৰ সৌষ্ঠব বৃদ্ধি কৰে সিমনাবস্তি – শালনা কিচামতৰ গাঁওপ্রধান  দিলীপ বৰাইক,দ্বাৰ শালনা জিলা পৰিষদৰ সদস্য  অনিল ঠাকুৰ,বৰহোলা প্রাথমিক বিদ্যালয়ৰ প্রাক্তন প্রধান শিক্ষক  ফাগু চাওঁৰা,সৰুদল প্রাথমিক বিদ্যালয়(১নং সিমনাবস্তি)ৰ প্রাক্তন প্রধান শিক্ষয়িত্ৰী  মৰ্জিনা বেগম, সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)কেন্দ্রীয় সমিতিৰ সম্পাদক  পুৰন গঞ্জু,সমাজসেৱক গোপাল ভূঞা আৰু  ৮১ বছৰীয়া মাতৃ কুনু বৰকাকতি লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক সকল, স্হানীয় ৰাইজ উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments