মঠঘৰীয়াত সোমবাৰে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী শিক্ষিত যুৱতী আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আৰ্মিনা আহমেদে। দুৰ্ঘটনাত অভিযুক্ত চালক ছামিম আহমেদক চাৰিদিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আজি কামৰূপ মেট্ৰ’ৰ CJM আদালতত হাজিৰ কৰোৱা হয়। আদালতে শনিবাৰে ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত ছামিম আহমেদক। অহা ১২ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব লাগিব ছামিম আহমেদ।
তদুপৰি, মঠঘৰীয়াৰ নলাত উদ্ধাৰ হোৱা ছামিমৰ তেজ লগা চোলাটোৰ তেজৰ নমুনা পৰীক্ষণৰ বাবে আৰক্ষীয়ে আদালতত আবেদন কৰিছিল আৰু আদালতে আবেদনৰ শুনানি লৈ ছামিম আহমেদৰ তেজৰ নমুনা সংগ্ৰহৰ অনুমতি দিয়ে।
উল্লেখযোগ্য যে, মঠঘৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ চালক আছিল অভিযুক্ত ছামিম আহমেদ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছামিমে। গুৱাহাটীৰ পৰা পলায়ন কৰি শ্বিলঙত আত্মগোপন কৰিছিল ছামিমে। ৰূপ সলাবলৈ শ্বিলঙৰ এখন চেলুনত চুলি-দাড়ি কটোৱাছিল ছামিমে। শুকুৰবাৰে পুৱা দুৰ্ঘটনা হোৱা ঠাইত আৰক্ষীয়ে তথ্য সংগ্ৰহৰ বাবে লৈ যায় ছামিমক। তাৰ পৰাই পোনে পোনে ছামিম আহমেদক লৈ যোৱা হয় শ্বিলঙৰ চুলি-দাড়ি কটোৱা চেলুনখনলৈ।
শুকুৰবাৰে পুৱাৰে পৰা মঠঘৰীয়াৰ ঘটনাটোৱে লৈছে নতুন পাক। শুকুৰবাৰে মঠঘৰীয়াৰ পাহাৰত ছামিমৰ তেজেৰে লুতুৰি-পুতুৰি পোছাক উদ্ধাৰ কৰে মহানগৰ আৰক্ষীয়ে। ছামিমক হেণ্ডকাফ লগাই মঠঘৰীয়াৰ পাহাৰত অভিযান চলাইছিল আৰক্ষীয়ে। ছামিমে দুৰ্ঘটনাৰ পাছত সলনি কৰিছিল নিজৰ পোছাক। এটা নলাত পেলাইছিল তেজ লাগি থকা পোছাকযোৰ। শুকুৰবাৰে পুৱা নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰে ছামিম আহমেদে দুৰ্ঘটনাৰ নিশা পিন্ধি থকা পোছাকযোৰ।
ছামিমৰ বিষয়ে আৰক্ষীয়ে লাভ কৰিছে বিস্ফোৰক তথ্য। ছামিম আহমেদে এছক’ৰ্ট ছাৰ্ভিচ চলোৱাৰ সন্দেহ। আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। তদন্তৰ অন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ছামিম আহমেদৰ ঘৰ বৰপেটা জিলাত, কিন্তু পঢ়াশুনা কৰিছিল গোৱালপাৰাত।
