Thursday, May 7, 2026
Homeঅসম১২ মে’ত অসমৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান

১২ মে’ত অসমৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান

১২ মে’, মঙলবাৰে অনুষ্ঠিত হ’ব অসমৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।১২ মে’ৰ পুৱা ১০.১৫ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। ১১ বজাত শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল’ব মোদীয়ে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত। NDA-শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকিব অসমৰ শপতগ্ৰহণ অনুষ্ঠানত।কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত। এই শপত গ্ৰহণ অনুষ্ঠানত লক্ষাধিক লোক উপস্থিত থাকিব ।

১০ মে’ত অনুষ্ঠিত হ’ব বিজেপি বিধায়নী দলৰ বৈঠক। অনুষ্ঠিত হ’ব NDA বিধায়িনী দলৰ বৈঠক। ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হ’ব বৈঠক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments