বাক্সাৰ মুছলপুৰত দলীয় কৰ্মীৰ সৈতে মিলিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৷নিৰ্বাচনৰ প্ৰচাৰ সভাৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব হাগ্ৰামা মহিলাৰীয়ে ৷আগন্তুক ১৫ বছৰলৈ ৰাজ্যত বিজেপি আৰু বিটিচিত বিপিএফ চৰকাৰ থাকিব বুলি ভৱিষ্যতবাণী হাগ্ৰামা মহিলাৰীৰ ৷
কোকৰাঝাৰত নহয় জিলাই জিলাই আহি ৰাইজৰ সমস্যাৰ বুজ লৈ বিভাগীয় মুৰব্বীৰ সৈতে ৰিভিউ মিটিং কৰিব হাগ্ৰামা মহিলাৰীয়ে ৷’২০০৩ চনৰ ১০ফেব্ৰুৱাৰীৰ বিটিচি চুক্তিলৈকে যি সকল আছে সকলো বিটিচিৰ বাসিন্দা,সকলোৱে মাটিৰ পট্টা পাব’৷বাক্সা জিলাৰ এ ,বি ,চি ব্লকৰ ভুমিৰ সমস্যা দুৰ কৰিব হাগ্ৰামা মহিলাৰী বিপিএফ চৰকাৰে ৷
খোৱাপানী ,শিক্ষা ,স্বাস্থ্য ,কৃষি আদি সকলো সমল্যাৰ নিজে বুজ লৈ সমাধান কৰিব হাগ্ৰামা মহিলাৰীয়ে ৷মুছলপুৰৰ জিলা বিপিএফ কাৰ্যালয়ত অনুস্থিত বিজয়ী উৎসৱত উপস্থিত থাকে ৪১ নং মানাহ ,৪২ নং বাক্সা বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়কদ্বয় ,বিটিচিৰ ই এম আগষ্টুচ টীগ্গা ,কে ধৰি বিপিএফৰ নেতা – কৰ্মী ৷
