কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২০২৬ চনৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিছে। এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছে ৮৫.২০% ছাত্ৰ-ছাত্ৰী। এইবাৰ প্ৰায় ১৮.৫৭ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।
প্ৰয়োজনীয় তথ্য, যেনে আপোনাৰ পৰীক্ষাৰ ৰোল নম্বৰ, স্কুল নম্বৰ, এডমিট কাৰ্ড আইডি আৰু জন্ম তাৰিখ ছাবমিট কৰক। ছাবমিট কৰাৰ লগে লগে ফলাফল দেখা পাব। ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ মাৰ্কশ্বীট ডাউনলোড কৰি প্ৰিণ্টআউটৰ বাবে ছেভ কৰিব পাৰে।
CBSEৰ ৱেবছাইট ক্ৰেছ হ’লে DigiLockerৰ জৰিয়তে ফলাফল চোৱাটো আটাইতকৈ সহজ আৰু সুৰক্ষিত উপায়। আপুনি তলত দিয়া পদক্ষেপসমূহৰ সহায়ত ফলাফল চাব পাৰে। প্ৰথমে DigiLocker এপ ডাউনলোড কৰক বা ‘digilocker.gov.in’ ৱেবছাইটলৈ যাওক। নিজৰ আধাৰ নম্বৰ ম’বাইল নম্বৰৰ জৰিয়তে ছাইন-ইন কৰক। ‘Education’ ছেকচনলৈ গৈ ‘CBSE’ বাছনি কৰক। ‘Class XII Marksheet’ত ক্লিক কৰি ৰ’ল নম্বৰ আৰু বৰ্ষটো উল্লেখ কৰক। আপোনাৰ ডিজিটেল মাৰ্কশ্বীট উপলভ্য হ’ব।
