প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দিল্লী চৰকাৰে ইন্ধন ৰাহি আৰু শক্তি সংকটৰ মোকাবিলা কৰিবলৈ ‘মোৰ ভাৰত, মোৰ অৱদান’ নামৰ এক বিশেষ অভিযান ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই চৰকাৰী বিভাগ আৰু শিক্ষানুষ্ঠানসমূহৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।
দিল্লী চৰকাৰৰ কাৰ্যালয়সমূহ এতিয়াৰ পৰা পুৱা ১০:৩০ বজাৰ পৰা সন্ধিয়া ৭:০০ বজালৈ খোলা থাকিব। এমচিডি (MCD) কাৰ্যালয়ৰ সময় পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে সপ্তাহত ২ দিন ‘ৱৰ্ক ফ্ৰম হোম’ বাধ্যতামূলক কৰা হৈছে। ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহকো একেই নীতি অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।চৰকাৰৰ বৈঠকসমূহ ৫০ শতাংশ এতিয়াৰে পৰা কেৱল অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব।
মেট্ৰ’ মানডে’জ (Metro Mondays): সপ্তাহৰ প্ৰথম দিনা অৰ্থাৎ সোমবাৰে ৰাইজক মেট্ৰ’ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। যিসকল চৰকাৰী কৰ্মচাৰীয়ে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিব, তেওঁলোকৰ ‘ট্ৰেন্সপ’ৰ্ট এলাউন্স’ ১০% বৃদ্ধি কৰা হ’ব। ইয়াৰ উপৰি ২৯খন চৰকাৰী কলনীত ৫৮খন ফিডাৰ বাছ চলোৱা হ’ব।জনসাধাৰণক সপ্তাহত অন্তত এদিন ‘নো ভেহিকেল ডে’ পালন কৰিবলৈ আৰু মালবস্তু কঢ়িওৱাৰ বাবে ট্ৰাকৰ সলনি ৰে’ল ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
আগন্তুক এবছৰলৈ দিল্লী চৰকাৰৰ কোনো মন্ত্ৰী বা বিষয়াই চৰকাৰী কামত বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। আগন্তুক ৩ মাহলৈ চৰকাৰৰ দ্বাৰা আয়োজিত হ’বলগীয়া সকলো ডাঙৰ কাৰ্যসূচী বাতিল কৰা হৈছে।বিষয়াসকলৰ পেট্ৰ’ল কোটা ২০ শতাংশ আৰু ঘৰুৱা ভাট্টা (Domestic Allowance) ২০ শতাংশ কৰ্তন কৰা হৈছে। অহা ৬ মাহলৈ চৰকাৰৰ কোনো বিভাগে নতুন বাহন ক্ৰয় কৰিব নোৱাৰিব। চৰকাৰী কাৰ্যালয়সমূহত এচিৰ তাপমাত্ৰা ২৪ৰ পৰা ২৬ ডিগ্ৰীৰ ভিতৰত ৰখাটো বাধ্যতামূলক কৰা হৈছে। আদালতসমূহকো যিমান পাৰি অনলাইন শুনানি (Online Hearing) কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
