দেশৰ ১৬খন ৰাজ্যত SIR ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। ১৬খন ৰাজ্যৰ লগতে ৩খন কেন্দ্ৰীয়শাসিত অঞ্চলতো একেলগে হ’ব SIR। আজি এক বিজ্ঞপ্তিযোগে এই ঘোষণা কৰে নিৰ্বাচন আয়োগে। অসমক বাদ দি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যতে তৃতীয় পৰ্যায়ত হ’ব Special Intensive Revision।
এই প্ৰক্ৰিয়াত ৩৬.৭৩ কোটি ভোটাৰৰ ঘৰলৈ যাব ৩.৯৪ লাখ বুথ লেভেল অফিচাৰ (BLO)। তেওঁলোকক সহায় কৰিব ৰাজনৈতিক দলসমূহে নিযুক্তি দিয়া ৩.৪২ লাখ বুথ লেভেল এজেণ্টে (BLA)। নিৰ্বাচন আয়োগে সকলো ৰাজনৈতিক দলসমূহক প্ৰতিটো প’লিং বুথৰ বাবে BLA নিয়োগ কৰাৰ বাবে অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে প্ৰথম দুটা পৰ্যায়ত ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ৫৯ কোটি ভোটাৰক সামৰি হৈছিল SIR, ৬.২ লাখ BLO আৰু ৯.২ লাখ BLA নিয়োগ কৰা হৈছিল।
তৃতীয় পৰ্যায়ত SIR হ’বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হ’ল –
১. অন্ধ্ৰ প্ৰদেশ
২. অৰুণাচল প্ৰদেশ
৩. চণ্ডীগড়
৪. দাদৰা এণ্ড নগৰ হাভেলি আৰু দমন আৰু ডিউ
৫. হাৰিয়ানা
৬. ঝাৰখণ্ড
৭. কৰ্ণাটক
৮. মহাৰাষ্ট্ৰ
৯. মণিপুৰ
১০. মেঘালয়
১১. মিজোৰাম
১২. নাগালেণ্ড
১৩. এনচিটি আৰু দিল্লী
১৪. ওড়িশা
১৫. পঞ্জাব
১৬. ছিকিম
১৭. ত্ৰিপুৰা
১৮. তেলেংগানা
