১২মে’ত মুখ্যমন্ত্ৰীৰ লগতে মাত্ৰ ৪ গৰাকী মন্ত্ৰীয়েহে ল’লে শপত। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ২১ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ পাছতহে হ’ব মন্ত্ৰীসভাৰ পূৰ্ণাংগ সম্প্ৰসাৰণ। তাৰ মাজতে সোমবাৰে নিশা দিল্লীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে পুৱাই মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে অসম বিজেপিৰ প্ৰভাৰী বি এল সন্তোষক। তাৰ পাছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এই সক্ষাততে অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা। নিশালৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো সাক্ষাৎ কৰিব মুখ্যমন্ত্রীগৰাকীয়ে। আগন্তুক মন্ত্ৰীসভা সম্প্ৰসাৰণত মন্ত্ৰিত্ব লাভ কৰিবলগীয়া বিধায়কৰ তালিকাত গৃহমন্ত্ৰী অমিত শ্বাহৰে এই সাক্ষাততে মোহৰ মাৰি অনাৰ সম্ভাৱনাই প্ৰৱল। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে ১৯ জনীয়া মন্ত্ৰীসভাত কোনে কোনে পাব মন্ত্ৰিত্ব?
চৰ্চা অনুসৰি ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰে নিজৰ দ্বিতীয়খন মন্ত্ৰীসভা গঠনৰ বাবে সাজু হৈছে ড০ শৰ্মা। কিন্তু এইক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড০ শৰ্মা। কাৰণ বিগত বৰ্ষৰ ৬২জনৰ তুলনাত এইবাৰ বিজেপিৰে ৮২জন বিধয়ক জয়যুক্ত হৈছে। ইতিমধ্যে ১২ মে’ত শপত লোৱা মন্ত্ৰীসকলৰ অতুল বৰা আৰু অজন্তা নেওগ চুতীয়া জনগোষ্ঠীৰ হোৱাৰ লগতে চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে অন্তৰ্ভুক্ত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী।
