ভেৰগাঁও বিধানসভাৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিত বিজয় উৎসৱ । এমচিএলএ পল ট’প্পৰ নেতৃত্বত বাদলাপাৰাত ৰাজহুৱাকৈ বিজয় উৎসৱ পালন । নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত প্ৰথমজন বিধায়কক সম্বৰ্ধনা।
ভেৰগাঁও বিধানসভাৰ NDA ৰ বিধায়ক মহেশ্বৰ বড়োক বিপিএফ আৰু বিজেপিৰ দলীয় কৰ্মীয়ে সম্ভাষণ জনায় ভেৰগাঁও বিধানসভাৰ অন্তৰ্গত অঞ্চলত বিভিন্ন সমস্যাৰ কাম-কাজ কৰিবলৈ আহ্বান জনায়। বিজয় উৎসৱ অনুষ্ঠানত উপস্থিত থাকে টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা, ওদালগুৰি জিলা বিজেপিৰ সম্পাদক জৌশ্ৰাং বড়োকে ধৰি বহুতো দলীয় নেতা কৰ্মী। বিজয় উৎসৱৰ শেষত সকলোৱে মিলি প্ৰীতি ভোজন কৰে আৰু বিধায়ক মহেশ্বৰ বড়োৱে ৰাইজৰ হৈ উন্নয়ন মূলক কাম কাজ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
