ডিজিটেল ডেস্ক,১০ ছেপ্তেম্বৰ: ‘সাদক’ৰ পিছত অভিনেত্ৰী হিচাপে লিখা-মেলা কৰা পূজা ভাটে মনত পেলাইছে বলিউডৰ স্মৰণীয় দিনবোৰৰ কথা ।বলিউড অভিনেত্ৰী গৰাকীয়ে কৈছে ‘১৯ বছৰ বয়সত মই এগৰাকী ছুপাৰষ্টাৰ আছিলোঁ,কিন্ত্ত ২৪ বছৰ বয়সত উদ্যোগটোৱে কৈছিল, ‘য়েহ তোহ খাটাম হো চুকি হায়…তথাপিও ‘বিগ বছ অ’টিটি ২’ত অভিনয় কৰি চকুৰ মণি আকৰ্ষণ কৰা অভিনেত্ৰী-চলচ্চিত্ৰ নিৰ্মাতা পূজা ভাটে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে বেক টু বেক হিট গীত দিয়াৰ পিছতো (Pooja Bhatt recalls being written off as an actress after ‘Sadak’)২৪ বছৰ বয়সত অভিনয় এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ কাৰণ।
সিদ্ধাৰ্থ কাননৰ সৈতে কথা পাতি থাকোঁতে পূজাই দাবী কৰিছিল যে অভিনয় এৰিবলৈ বাধ্য কৰাইছিল আন কোনো নহয়, বৰঞ্চ হিন্দী চলচ্চিত্ৰ জগতখনেই। ‘ডেডী’, ‘দিল হায় কি মন্তা নাহিন’ৰ পিছত ‘সাদক’ হেট্ৰিকৰ দৰে আছিল।গতিকে অভিনেত্ৰী গৰাকীয়ে অনুভৱ কৰে যে এইটোৱেই পৃথিৱীৰ একমাত্ৰ উদ্যোগ য’ত ২৪ বছৰ বয়সত যেতিয়া বেছিভাগ মানুহেই মাত্ৰ আৰম্ভণি কৰে তেনে সময়তে আহি পৰে কামৰ পৰা অব্যাহতি লোৱাৰ পৰ্য্যায় ।
তেতিয়াই এতায়া সফল যাত্ৰাৰ পৰা নিসেষ কৰা অভিসন্ধিত বাৰুকৈয়ে হতাসাত ভূগিব লগীয়া হৈছিল অভিনেত্ৰী পূজা ভাটে ।’ অৱশ্যে নতুনকৈ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈ কেমেৰাৰ আঁৰত ‘তামান্না’ৰ সৈতে যাত্ৰা আৰম্ভ কৰিলে। পূজাই প্ৰকাশ কৰে যে, ‘২৫ বছৰ বয়সত মই মোৰ প্ৰডাকচন হাউচ আৰম্ভ কৰিছিলো, নিৰ্মাণ কৰিছিলো ‘তাম্মান্না’।
মই মোৰ প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলোঁ, আত্মসন্তুষ্টিৰ ভাৱ এটা পালোঁ, আৰু তেনেকুৱা এখন ছবি নিৰ্মাণৰ বাবে মোৰ আত্মসন্মান ঘূৰাই পালোঁ। মই সমগ্ৰ দেশ ভ্ৰমণ কৰিলোঁ, মানুহক লগ পালোঁ, আৰু সেই ছবিখনে চেৰিটিৰ বাবে ধন সংগ্ৰহ কৰিলে, মই মোৰ ৰাষ্ট্ৰীয় বঁটা পালোঁ। তাৰ পিছত কাজোলৰ লগত দুখনমান বনালোঁ, তাৰ পিছত ‘জখম’ বনালোঁ, বাকীবোৰ ইতিহাস।’ প্ৰমাম কৰি দেখুৱালে অভিনেত্ৰী পূজা ভাটে “আত্মবিশ্বাস আৰু কৃতকায্য” ।