Monday, June 1, 2026
Homeঅসমকেএলঅৰ দীৰ্ঘদিনীয়া দাবী সমূহ অতিশীঘ্রে পুৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী প্ৰাক্তন...

কেএলঅৰ দীৰ্ঘদিনীয়া দাবী সমূহ অতিশীঘ্রে পুৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী প্ৰাক্তন কেএলঅৰ।

কেএলঅৰ দীৰ্ঘদিনীয়া দাবী সমূহ অতিশীঘ্রে পুৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী প্ৰাক্তন কেএলঅৰ।

চৰকাৰে কেএলঅ’ৰ দাবীসমুহ সমাধান নকৰিলে কেএলঅ’ই বেলেগ পন্থা লবলৈ সাজু আছে বুলি হুংকাৰ দিয়ে।

২৬ মে’ত গুৱাহাটীত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল আৰু কেএলঅৰ গুৰুত্বপূৰ্ণ সভা।

গোসাইগাঁৱত প্ৰাক্তন কেএলঅ’ৰ সংবাদমেল।

কেএলঅ প্ৰধান জীবন সিংহৰ নিৰ্দেশত কোচৰাজবংশী জনগোষ্ঠীয়ে আন্তৰিকতাৰে বিজেপিক সমৰ্থন কৰাৰ বাবেই পশ্চিমবংগত তৃণমূল উৎখাত কৰি বিজেপিৰ চৰকাৰ গঠন হৈছে। লগতে এইবেলি পশ্চিমবংগ আৰু অসমত ভালে সংখ্যক কোচৰাজবংশী জনগোষ্ঠীৰ বিধায়ক নিৰ্বাচিত হৈছে। গতিকে বিজয়ী বিধায়ক সকলে কেএলঅৰ সৈতে শান্তিচুক্তি বিষয়টো চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব আৰু শান্তিচুক্তি বাস্তবায়িত কৰিব বুলি সংবাদমেলত মন্তব্য কেএলঅৰ উপ সেনাধ্যক্ষ ধনঞ্জয় বৰ্মনৰ। ইপিনে কেএলঅৰ লেফটেনেন্ট খগেন ৰায় ওৰফে ৰাজাই কয় যে অহা ২৬ মে’ত গুৱাহাটীত কেএছডিচি আৰু কেএলঅৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত এটি গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হৈছে আৰু উক্ত সভাত শান্তি চুক্তিৰ লগতে কোচৰাজবংশী জনগোষ্ঠীৰ জলন্ত সমস্যা সমূহ বিষদভাবে আলোচনা কৰা হব আৰু সমাধান সুত্ৰ উলিওৱাৰ চেষ্টা কৰা হব। লগতে খগেন ৰায়ে আৰু কয় যে এইবেলি পশ্চিমবংগ,অসম আৰু কেন্দ্ৰত বিজেপিৰ চৰকাৰ হোৱা হেতুকে কেএলঅ’ৰ শান্তি আলোচনাৰ লগতে সকলো সমস্যা সমাধান হব বুলি আমি আশাবাদী।চৰকাৰৰ প্ৰতি যথেষ্ট আশা আছে আৰু চৰকাৰে আশা পূৰণ নকৰিলে কেএলঅই বেলেগ পন্থা লবলৈ সাজু আছে বুলি হুংকাৰ দিয়ে।
আনহাতে কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ উদ্যোগত অহা ২৬ মে’ত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া সভাত কেএলঅৰ ২০ জনীয়া প্ৰতিনিধি উপস্থিত থাকিব বুলি জনায় ৰায়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments