Monday, June 1, 2026
Homeঅসমবিধানসভাৰ মজিয়াৰ পৰা ঈদত গৰুৰ কোৰবানি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

বিধানসভাৰ মজিয়াৰ পৰা ঈদত গৰুৰ কোৰবানি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

সংখ্যালঘু মহিলাসকলৰ সুৰক্ষাৰ বাবেই আমি UCC আনিছোঁ। বিধানসভাত আজি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয়, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক কৈছিলোঁ আমাক যদি ৰখাব পাৰে, ৰখাই লওক। নিৰ্বাচনত জয়ী হ’লেই আমি প্ৰথম অধিবেশনতেই UCC আনিম। জয়ৰ পাছতেই সেয়ে UCC বিধায়ক সদনত উত্থাপন কৰিলোঁ। উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত UCC বলবৎ কৰা তৃতীয় ৰাজ্য হ’ব অসম।
কোৰবানি সন্দৰ্ভতো সদনত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিধানসভাৰ মজিয়াৰ পৰা ঈদত গৰুৰ কোৰবানি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘গৰুক কোৰবানি দিয়াৰ কথা কোনো ধৰ্মীয় গ্ৰন্থত লিখা নাই। গৰুৰ কোৰবানি নিদিয়াৰ সিদ্ধান্ত লোৱা সকলোকে ধন্যবাদ জনাইছো।
হিন্দুসকলৰ ধৰ্মীয় চেতনাক সন্মান জনোৱাৰ বাবে ধন্যবাদ। এই সিদ্ধান্তই অসমৰ শান্তি-সম্প্ৰীতি সুদৃঢ় কৰিব।’’ এতিয়াও সিদ্ধান্ত নোলোৱাসকলক গৰুৰ কোৰবানি নিদিবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments