- হঠাৎ দিনৰ ১ বাজি ১১ মিনিটত ম’বাইল ফোনত আহিল এলাৰ্ট।
- একেলগে সকলোৰে ম’বাইলত বাজি উঠিল এলাৰ্ট।
- আপোনাৰ ম’বাইলতো বাজি উঠিছিল নেকি এলাৰ্ট? আচলতে এয়া বতৰৰ সতৰ্কবাণীহে
- অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ ৰাইজক সতৰ্ক কৰাৰ বাবে প্ৰেৰণ কৰিছে এই এলাৰ্ট।
- ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ (IMD) গুৱাহাটীয়ে আগন্তুক ১-৩ ঘণ্টাত কামৰূপ মহানগৰ জিলাৰ কিছুমান পৃথক পৃথক ঠাইত বিজুলী-ধেৰেকনি আৰু ধুমুহা বতাহৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি পূৰ্বানুমান কৰিছে।
- এই সময়ছছোৱাত বৰষুণৰ লগতে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে।
- বতৰৰ সতৰ্কবাণী হ’লেও হঠাৎ ম’বাইলত অহা এই এলাৰ্টে কিছু মুহূৰ্ততে সচকিত কৰি তুলিছে ৰাইজক।
