Tuesday, June 2, 2026
Homeঅসমনিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন তথ্যৰ‌ ভিত্তিত শিলচৰ আৰু আৰু উদাৰবন্দ থানা এলেকাত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰিছে। দুয়ো স্হানত জব্দ কৰা কফ ছিৰাপৰ মূল্য প্ৰায় ১ কোটি টকা। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, গোপন তথ্যৰ‌ ভিত্তিত এই খবৰ পোৱাৰ পিছতে আৰক্ষীৰ দুটা দল সাজু কৰা হয়। শিলচৰ সদৰ আৰু উদাৰবন্দ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত দুটা পৃথক দল গঠন কৰি অভিযান চলোৱা হয়।

শিলচৰ চহৰৰ বিলপাৰত থকা এটা গোডামৰ সন্মুখত অভিযান চলাই আৰক্ষীয়ে AS-01-SC-5017 নম্বৰৰ এখন গাড়ীত তালাচী চলায়। শিলচৰ থানাৰ আৰক্ষীয়ে কফ ছিৰাপ মজুত থকা এখন ট্ৰাক জব্দ কৰে। ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে কেইবাটাও কফ ছিৰাপ ভৰ্তি কাৰ্টুন জব্দ কৰে। এই কাৰ্টন বোৰৰ পৰা মুঠ ৭,২০০ বটল কফ ছিৰাপ জব্দ কৰা হয়।

ক’ডেইন ব্ৰেণ্ডৰ এই কফ ছিৰাপখিনি গোপনে বহি:ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে। কফ ছিৰাপৰ সৈতে আৰক্ষীয়ে শিলচৰ থানা এলেকাৰ শ্ৰীকোণাৰ বিন্দুলা দাস নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । আনহাতে, দ্বিতীয়টো অভিযান চলোৱা হয় উদাৰবন্দৰ দুৰ্গা নগৰত।

দুৰ্গানগৰৰ বাসিন্দা চাহিদ আহমেদৰ গোডামত অতৰ্কিতে অভিযান চলাই আৰক্ষীয়ে ১৪২০ বটল নিষিদ্ধ ক’ডেইন ব্ৰেণ্ডৰ কফ ছিৰাপ জব্দ কৰে। এই সংক্ৰান্তত আজিজুল হক বৰভূঞা নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

শিলচৰ আৰু উদাৰবন্দ দুয়ো স্থানৰ পৰা মুঠ ৮৬২০ বটল কফ ছিৰাপ জব্দ কৰা হয় বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।‌ জব্দ কৰা কফ ছিৰাপখিনিৰ মূল্য প্ৰায় ১ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে। এই সংক্ৰান্তত শিলচৰ আৰু উদাৰবন্দ থানাত দুটা গোচৰ ৰুজু কৰি‌ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments